![dc](/sites/default/files/styles/article_detail/public/2019-04/WhatsApp%20Image%202019-04-24%20at%2010.52.11%20PM.jpeg?itok=zm1KIlHS)
শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই :
শিৱসাগৰ জিলাৰ উপা্য়ুক্ত ডাঃ এছ লক্ষ্মনণৰ অধ্যক্ষতাত বুধবাৰে উপায়ুক্ত কাৰ্যালয়ৰ চ্যুকাফা সভাকক্ষত জিলা উন্নয়ণ সমিতিৰ বৈঠক অনুষ্ঠিত কৰা হয় । উক্ত বৈঠকত উপায়ুক্ত গৰাকীয়ে জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন চৰকাৰী আঁচনি তথা কাম-কাজৰ অগ্ৰগতি সৰ্ম্পকে জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়ববীয়াৰ পৰা বিতংভাৱে বুজ লয় ।বৈঠকৰ আৰম্ভনিতে উপায়ুক্তৰ নিৰ্দেশনা মৰ্মে ভাৰপ্ৰাপ্ত জিলা উন্নয়ণ আয়ুক্ত জোনমনি সোনোৱালে বিভাগসমুহৰ সৈতে হোৱা পূৰ্বৰ বৈঠকত প্ৰদান কৰা নিৰ্দেশনা মৰ্মে কাম-কাজৰ অগ্ৰগতিৰ খতিয়ান বিচাৰে ।সেই মৰ্মে বিভাগ সমুহৰ দ্বাৰা ৰূপায়ণ হৈ থকা কাম-কাজ আৰু আঁচনিৰ শেহতীয়া স্থিতি সম্পৰ্কে সংশ্লিষ্ট বিষয়ববীয়া সকলে বৈঠকত অৱগত কৰে৷
জিলা মীন উন্নয়ন বিষয়াই বিভাগৰ দ্বাৰা ৰূপায়ণ হৈ থকা “ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ” আঁচনিৰ অধীনত ইতিমধ্যে ১১০ টা প্ৰকল্প সম্পুৰ্ণ হৈছে বুলি অৱগত কৰে । তেনেদৰে আবকাৰী বিভাগৰ দ্বাৰা যোৱা মাৰ্চ মাহলৈ ৩৭.২ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰা হয় বুলি বৈঠকত জনা্য়।
উপায়ুক্ত গৰাকীয়ে আবকাৰী বিভাগক অবৈধ সুৰা আৰু চুলাই মদৰ বিৰুদ্ধে চলি থকা অভিযান আৰু তীব্ৰতৰ কৰি তুলিবলৈ নিৰ্দেশ দিয়ে৷ বৈঠকত ভূমি সংৰক্ষণ বিভাগৰ অধীনত নাজিৰাত চলি থকা তিনিটা জলাশয় উন্নয়ণ প্ৰকল্পৰ কাম অহা দুমাহৰ ভিতৰত সম্পুৰ্ণ হ’ব বুলি উল্লেখ কৰে।
জিলাখনৰ বৈধ পৰিমাণ বিজ্ঞান বিভাগক জিলাখনৰ তেল ডিপ’সমূহত জোখমাপৰ ক্ষেত্ৰত সতৰ্ক দৃষ্টি ৰখাৰ বাবে নিৰ্দেশ দিয়ে ।এই সন্দৰ্ভত কিবা বিসংগতি পৰিলক্ষিত হ'লে সেয়া ততাতৈয়াকৈ প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিবলৈও কোৱা হয় ।
উপায়ুক্ত গৰাকীয়ে বৈঠকত জলসিঞ্চন বিভাগৰ দ্বাৰা ইতিমধ্যে সম্পূৰ্ণ হোৱা প্ৰকল্প সমুহৰ এক প্ৰতিবেদন কৃষি বিভাগক প্ৰদান কৰিবলৈ কয় যাতে এই সমুহ অঞ্চলত কৃষি বিভাগে দ্বৈত কৃষি পদ্ধতি (Double cropping)ৰ সম্ভাৱনীয়তা বিশ্লেষণ কৰি এই সম্পৰ্কে কাম আগবঢ়াই কৃষি উৎপাদন বৃদ্ধিত অৰিহণা যোগাব পাৰে। সামাজিক বনানিকৰণ বিভাগৰ দ্বাৰা যোৱা ২২ এপ্ৰিলত পহুগড় অঞ্চলত ‘বিশ্ব ধৰিত্ৰী দিৱস’ উপলক্ষে ১৪০ বিধ ফল-মূল আৰু ওখ গছৰ পুলি ৰোপন কৰাৰ বিষয়ে বিভাগীয় বিষয়াই বৈঠকত অৱগত কৰে৷ উপায়ুক্ত গৰাকীয়ে এনে পদক্ষেপৰ শলাগ লোৱাৰ উপৰিও পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বন বিভাগৰ লগতে অন্যান্য বিভাগ সমূহকো এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।
নগৰ আৰু গাওঁ পৰিকল্পনা বিভাগৰ উপ সঞ্চালকে বৈঠকত মহানগৰ আন্তঃগাঁথনি উন্নয়ণ পুঁজি (CIDF)ৰ অধীনত ১০০ কোটি টকাৰ বাজেটৰ ১৬ টা প্ৰকল্পৰ বিভাগীয় অনুমোদন ইতিমধ্যে লাভ কৰা হৈছে অৱগত কৰে। এতিয়া সংশ্লিষ্ট বিভাগসমুহক এনে প্ৰকল্প সমূহৰ বাবে বিতং প্ৰকল্প প্ৰতিবেদন দাখিল কৰিবলৈ জনোৱা হৈছে ।
বৈঠকত উপায়ুক্ত গৰাকীয়ে যোৱা ২৩ এপ্ৰিলৰ মাজনিশা হোৱা ভূমিকম্পৰ পৰিপ্ৰেক্ষিতত সকলো বিভাগকে ভূমিকম্প আৰু অন্যান্য সাম্ভাৱ্য প্ৰাকৃতিক দূৰ্যোগৰ মোকাবিলা কৰাৰ বাবে সতৰ্কতামূলক ব্যৱস্থাসমূহ আগতীয়াকৈ গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।
বৈঠকৰ অন্তত উপায়ুক্ত ডাঃ এছ লক্ষ্মনণে যোৱা ১১ এপ্ৰিলত জিলাখনত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত অতি নিষ্ঠাৰে আগবঢ়োৱা সেৱা আৰু সহায়–সহযোগিতাৰ বাবে সংশ্লিষ্ট সকলো বিভাগৰ বিষয়া-কৰ্মচাৰীক আন্তৰিক কৃতজ্ঞতা জনায় । তদুপৰি উপায়ুক্ত গৰাকীয়ে অহা ২৩ মে’ত অনুষ্ঠিত হ’বলগীয়া ভোটগণনা প্ৰক্ৰিয়াতো সকলোৰে পৰা একে ধৰণৰ সহায়-সহযোগিতা কামনা কৰে ।
- Log in to post comments
- 13 views