শিৱসাগৰ, ২৪ এপ্ৰিলঃ
শিৱসাগৰৰ দিচাংমুখত আজি দুপৰীয়া এক চাঞ্চল্যৰ
ঘটনা সংঘটিত হয়। পুত্ৰৰ কি্ক আৰু ঘোচাত মৃত্যুবৰণ কৰে মাতৃয়ে। ঘটনা বিৱৰণি মতে শিৱসাগৰৰ দিচাংমুখৰ বলমা গাঁৱৰ নৱম শ্ৰেণীত অধ্যয়নৰত এজন পুত্ৰই নিজ গৃহতেই মাতৃ ভিনাই য়েইনক কি্ক আৰু ঘোচা মাৰি হত্যা কৰে। কোনো কাৰণ নোহোৱাকৈ কুলাংগাৰ পুত্ৰই মাতৃক প্ৰহাৰ কৰি হত্যা কৰাৰ কথা স্বীকাৰ কৰে।
ছাত্ৰজন দিচাংমুখৰ এখন বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ আছিল। টাইকাণ্ডোৰ প্ৰশিক্ষণ লোৱা ১৫ বছৰীয়া ছাত্ৰজনে মাতৃক হিচাপ নোহোৱাকৈ কি্ক মৰাৰ লগতে বহু ঘোচা মাৰে মাতৃৰ শৰীৰত। যাৰ ফলত ঘৰতেই মৃত্যুক আকোঁৱালি লয় ভিনাই ইয়েন নামৰ ৫৫ বছৰীয়া মহিলা গৰাকীয়ে। আৰক্ষীয়ে ভিনাই ইয়েনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোক্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰু মাতৃক হত্যা কৰা পুত্ৰক শিৱসাগৰ আৰক্ষীয়ে নিজৰ জিম্মাত লয়।
- Log in to post comments
- 15 views