'অগপৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে এইবাৰ কংগ্ৰেছক ভোট দিছে'

cong

নিৰ্বাচন আয়োগ বিজেপিৰ চাবি দিয়া পুতলা।কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ লগতে অসমৰ ৰাইজক ধন্যবাদ।অসমৰ ৰাইজৰ ভোটদানৰ উৎসাহ প্ৰশংসনীয়।বুধবাৰে ৰাজীৱ ভৱনত কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই সংবাদমেল সম্বোধন কৰি এনেদৰে মন্তব্য কৰে। 
 
সংবাদমেলখন সম্বোধন কৰি তেওঁ কয় যে লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ নেতাসকলৰ লগতে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে যেনেদৰে কষ্ট কৰিলে,তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।লগতে অসমৰ ৰাইজে ভোটদানৰ বাবে যি উৎসাহেৰে ওলাই আহিল, সেয়া প্ৰশংসনীয় আৰু গণতন্ত্ৰৰ বাবে এটা শুভ লক্ষণ । 


বিজেপিয়ে লোকসভা নিৰ্বাচনত ১৪ খন আসনৰ ১৪ খন আসনেই লাভ কৰিব বুলি কৈছে। কিন্তু কংগ্ৰেছে ৮ ৰ পৰা ৯ খন আসন পোৱাটো নিশ্চিত বুলিও সভাপতি ৰিপুণ বৰাই মন্তব্য কৰে। 


এইবাৰৰ লোকসভা নিৰ্বাচনত সংবাদ মাধ্যমে নিৰপেক্ষভাৱে যি ভূমিকা গ্ৰহণ কৰিলে,তাৰ বাবে সংবাদ মাধ্যমকো ধন্যবাদ জনাই বৰাই। 


তেওঁ লগতে কয় যে এইবাৰ লোকসভা নিৰ্বাচনত বহু বুদ্ধিজীৱীয়ে কংগ্ৰেছত  ভোট দিয়াৰ লগতে অগপৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলেও কংগ্ৰেছতে ভোটদান কৰিছে। 
      

 আনহাতে হিমন্ত বিশ্ব শৰ্মাই যি উদ্ভট নৃত্য কৰিছে, সেয়া মানসিকভাৱে সবল হ'বলৈ কৰিছে,কাৰণ এইবাৰ তেওঁলোকৰ পৰাজয় নিশ্চিত- বৰাই  মন্তব্য কৰে।

Your Comments