![marigaon](/sites/default/files/styles/article_detail/public/2019-04/WhatsApp%20Image%202019-04-23%20at%206.46.02%20PM.jpeg?itok=6khqv2cl)
মৰিগাঁও,২৩ এপ্ৰিল :মৰিগাঁৱত অনুষ্ঠিত হৈ লোকসভা নিৰ্বাচনৰ পূৰ্বে সকলো ধৰণৰ বৈধ আৰু অবৈধ মাৰণাস্ত্ৰ মৰিগাঁও আৰক্ষী প্ৰশাসনে জব্দ কৰা বুলি ঘোষণা কৰা পিছতো অবৈধ মাৰণাস্ত্ৰৰ গুলিত মৰিগাঁৱত নিশা এজন লোক সৌভাগ্য ক্ৰমে প্ৰাণ ৰক্ষা পৰিও গুৰুত্ৰ ভাবে আহত হব লগীয়া হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনা সংঘটিত হৈছে মৰিগাঁও জিলাৰ জালুগুটি আৰক্ষী চকীৰ অন্তৰ্গত লোচনাবড়ী গাঁৱত।দূবৃৰ্ত্তৰ গুলীত সৌভাগ্য ক্ৰমে প্ৰাণ ৰক্ষা পৰি মৰিগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা লোক জনৰ নাম হৈছে নুৰুল আমিন বুলি জানিব পৰা গৈছে।
নুৰুল আমিনে সংবাদ মাধ্যমৰ আগত কৰা অভিযোগ অনুসৰি নিশা ঘৰত শুই থকা অৱস্থাত কোনো লোকে তেওঁ নাম ধৰি মাতি থকাত দৰ্জা খুলি বাহিৰলৈ ওলাই আহিব ধৰোতেই তেওঁক লক্ষ্য কৰি গুলীয়াবলৈ ধৰে। তেওঁ ভৰিত গুলী লগাত মাটিত পৰি যোৱাত আন এটা গুলী ঘৰৰ বেৰত লাগে।ঘটনাত হতভম্ব হৈ চিঞৰ বাখৰ কৰাত স্থানীয় লোক সকল অহাৰ আগতে দূবৃৰ্ত্ত পলায়ন কৰে। উল্লেখ্য যে গুলীবিদ্ধ নুৰুল আমিনে ২০ বছৰমান পূৰ্বে চৈয়দ আলী নামৰ এজন লোকক হত্যাৰ গোচৰত অভিযুক্ত হৈ ২০ বছৰ জেলত থাকি ওলাই আহি বৰ্তমানে ই-ৰিক্সা চলাই জীৱন যাপন কৰি আছিল ৷
স্থানীয়লোকৰ সন্দেহ নুৰুলে পূৰ্বে হত্যা কৰা চৈয়দৰ কোনো সম্পৰ্কীয় এই ঘটনাত জড়িত থাকিব পাৰে। আৰক্ষীৰ প্ৰকৃত তদন্ততহে সকলো তথ্য পোহৰলৈ অহা সম্ভাৱনা আছে। কিন্ত গুৰুত্বপুৰ্ণ বিষয়টো হৈছে আৰক্ষীয়ে অবৈধ মাৰণাস্ত্ৰৰ ক্ষেত্রত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পিছতো জিলা খনত কিদৰে অবৈধ মাৰনাস্ত্ৰ লৈ ফুৰিবলৈ সক্ষম হৈছে।
মানুহৰ জীৱনৰ প্ৰতি ভাবুকিস্বৰূপ এই অবৈধ মাৰণাস্ত্ৰ কেতিয়া জব্দ কৰিবলৈ সক্ষম হব মৰিগাঁও আৰক্ষী বিভাগে ? ইয়াকে লৈ সৰ্বসাধাৰণৰ মাজত প্ৰশ্নৰ উদ্বেগ ঘটিছে।
- Log in to post comments
- 11 views