শিৱসাগৰত বিশ্ব ধৰিত্ৰী দিৱস উদযাপন

sibsagar

কল্যাণজ্যোতি বুঢ়াগোহাঁই, শিৱসাগৰ

সমগ্ৰ বিশ্বৰ লগতে শিৱসাগৰতো সোমবাৰে বিশ্ব ধৰিত্ৰী দিৱস উদযাপন কৰা হয়।বিশ্ব ধৰিত্ৰী দিৱসৰ লগত সংগতিৰাখি জিলা প্ৰশাসন আৰু বন বিভাগে যৌথভাৱে শিৱসাগৰৰ ঐতিহাসিক পহুগড়ত বৃক্ষৰোপন কায্যসূচী ৰূপায়ন কৰে৷ পহুগড়ৰ চৌপাশে ১৪০ টা বিভিন্ন ফল-মূল আৰু অন্যান্য গছপুলি ৰোপন কৰা হয়। ধৰিত্ৰী দিৱসৰ বৃক্ষৰোপন কায্যসূচীত জিলা বন সংমণ্ডল বিষয়া জয়শ্ৰী নাইদিং, সামাজিক বনানীকৰণ বিভাগৰ সংমণ্ডল বিষয়া বিদ্যুত বৰঠাকুৰৰ লগতে আঞ্চলিক বন বিষয়া আৰু খণ্ড বন বিষয়া উপস্থিত থাকে।dharitri

সহকাৰী পযটন বিষয়া মাধৱ দাসে অনুষ্ঠানত অংশ গ্ৰহণ কৰি কয় যে এই গছপুলি ৰোপন কাযসূচী বিশ্ব পৰিবেশ দিৱসলৈকে চলি থাকিব। উল্লেখ্য যে ফল-মূলৰ গছ বৃদ্ধি আৰু এই অঞ্চলৰ চৰাই-চিৰিকটি বাবে খাদ্যৰ অভাৱপূৰণ আৰু বন্য প্ৰাণীৰ বাবে প্ৰাকৃতিক বসোপযোগী কৰি তোলাৰ লক্ষ্যেৰ এই কাযসূচী গ্ৰহণ কৰা হৈছে।

আনহাতে নেচাৰ্ছ বেকনে ৰংপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত ৩ নং টাউন বালিকা বিদ্যালয় আৰু ধাইআলি মধ্য ইংৰাজী বিদ্যালয়ত বিশ্ব ধৰিত্ৰী দিৱস পালন কৰে।অনুষ্ঠানৰ লগত সংগতিৰাখি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ কুইজ, কবিতা আবৃত্তি, চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। নেচাচ বেকনৰ বিষয়ববীয়াসকলে বতমান সময়ত ভয়াবহ পৰিবেশ প্ৰদূষণৰ বিষয়ে উল্লেখ কৰাৰ লগতে বৃক্ষৰোপনৰ জৰিয়তে পৃথিৱীখন সেউজী ধৰণী কৰি ৰাখিবলৈ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। অনুষ্ঠানত উপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকলক গছপুলি ৰোপনৰ অভ্যাস গঢ়ি তোলাৰ লগতে জন্ম দিনত প্ৰতিটো শিশুকে গছপুলি ৰোপন কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত নেচাৰ্ছ বেকনৰ মুখ্য সমন্বয়ৰক্ষী জেহিৰুদ্দিন খান, নেচাৰ্ছ বেকনৰ সমন্বয়ক ব্ৰজেন ফুকনকে আদি কৰি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকে।

Your Comments