বেঁকী নৈৰ খহনীয়াত নিশ্চিহ্ন হোৱাৰ উপক্ৰম বৃহত্তৰ গোৱৰ্ধনা অঞ্চল

বেঁকী নৈৰ খহনীয়াত নিশ্চিহ্ন হোৱাৰ উপক্ৰম বৃহত্তৰ গোৱৰ্ধনা অঞ্চল

বৰপেটা জিলাৰ ৪০নং সৰভোগ সমষ্টি তথা বিটিচিৰ ২০নং মঠনগুৰি সমষ্টিৰ অন্তৰ্গত গোৱৰ্ধনা গাঁৱত বেঁকীৰ খহনীয়াই ত্ৰাসৰ সৃষ্টি কৰিছে । ২০০৪ চনৰ পৰাই বেঁকীৰ খহনীয়াত গৃহহীন হ’বলগাত পৰিছে বহুকেইটা পৰিয়াল ৷ লগতে কেইবা শ কৃষিভূমি বেঁকীৰ বুকুত জাহ গৈছে । যোৱা দুদিনত শংকৰ দাস, সৰ্বা দাস, হৰেন দাসৰ ঘৰ-দুৱাৰ নদীৰ বুকুত জাহ যায় । আনহাতে দুই-এদিনতে আৰু ৪/৫টা পৰিয়ালৰ ঘৰ নদীৰ বুকুত জাহ যোৱাটো নিশ্চিত হৈ পৰিছে ৷

যোৱাবাৰ বেঁকীয়ে ঘৰ-সম্পত্তি উটুৱাই নিয়াৰ পাছত এইবাৰো প্ৰায় ৯/১০ বিঘা কৃষিভূমি নদীৰ বুকুত জাহ যায় স্থানীয় লোক দিগন্ত শইকীয়াৰ । তেওঁ দুখ আৰু  আক্ষেপেৰে কয় যে বৰ্তমানলৈ এটকাও চৰকাৰী সাহায্য পোৱা নাই । জানিব পৰামতে, যোৱাবছৰ খহনীয়াত জাহ যোৱা বহু পৰিয়ালে চৰকাৰী সাহায্য পোৱা নাই । আনফালে, বানত ক্ষতিগ্ৰস্ত নোহোৱা বহু পৰিয়ালে সাহায্য পোৱা বুলিও স্থানীয় ৰাইজে অভিযোগ তুলিছে । যোৱা কেইবছৰ বহু ঘৰ-দুৱাৰ নদীৰ বুকুত জাহ যোৱা সত্ত্বেও স্থানীয় বিধায়ক তথা এম চি এল এয়ে প্ৰতিৰোধৰ বাবে কোনোধৰণৰ পদক্ষেপ লোৱা নাই বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে ।

খহনীয়া প্ৰতিৰোধৰ বাবে বিজ্ঞানসন্মত স্থায়ী সমাধানৰ বাবে বিভিন্ন সংগঠনে পৃথকে পৃথকে স্মাৰক-পত্ৰ প্ৰদান কৰাৰ পাছতো কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰাত উদ্বেগ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । বৃহত্তৰ গোৱৰ্ধনা অঞ্চল মানচিত্ৰৰ পৰা হেৰাই যোৱাৰো সম্ভাৱনা নুই কৰিব নোৱাৰি ৷ অঞ্চলটোৰ ৰাইজৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি বিধায়ক ৰঞ্জিত কুমাৰ দাস আৰু এম চি এল এ গৌতম দাসে কি পদক্ষেপ লয় তাৰবাবে অপেক্ষা কৰি আছে স্থানীয় ৰাইজে ।
 

Your Comments