নিউজ ডেস্ক :
দেশৰ সপ্তদশ লোকসভাৰ নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহন প্ৰক্ৰিয়া সফল সমাপ্তিৰ পাছত অহা ২৩ এপ্ৰিলত অনুষ্ঠিত হব তৃতীয় পয্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহন প্ৰক্ৰিয়া। তাৰ বাবে আজি সন্ধিয়া আনুষ্ঠানিক ভাৱে সামৰণি পৰে তৃতীয় পয্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান। দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমৰো ৪টা লোকসভাৰ সমষ্টিত অনুষ্ঠিত হব এই তৃতীয় পয্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। সেই অনুসৰি কুকুৰাঝাৰ, বৰপেটা, ধুবুৰী আৰু গুৱাহাটীৰ লোকসভাৰ সমষ্টিত অনুষ্ঠিত হব ভোটগ্ৰহন।
উল্লেখ যে চাৰিটা সমষ্টিত মুঠ ৫৪ গৰাকীৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৭৪,৭৭,০৬২ গৰাকীৰ ভোটাৰে। তাৰে ৩৮,১৫,৩৩৫ গৰাকীৰ পুৰুষৰ বিপৰীতে ৩৬,৬১,৫৭০ গৰাকীৰ মহিলা ভোটাৰ আছে।ইয়াৰ উপৰিও আছে ১৫৭ গৰাকীৰ তৃতীয় লিংগ ভোটাৰ। উল্লেখ যে চাৰিটা সমষ্টিত মুঠ ৯,৫৭৭টা ভোটকেন্দ্ৰত অনুষ্ঠিত হব ভোটগ্ৰহন।তাৰে ১৪৭টা ভোটকেন্দ্ৰৰ পৰিচালনা কৰিব মহিলা নিৰ্বাচনী বিষয়াই। সেই অনুসৰি ধুবুৰীত ২৯টা, কুকুৰাঝাৰত ১১টা, বৰপেটাত ২৮টা আৰু গুৱাহাটীত ৭৯টা ভোটকেন্দ্ৰৰ পৰিচালনা কৰিব মহিলাই।আনহাতে চাৰিটা সমষ্টিত আদর্শ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ১২৫টা ।তাৰে ধুবুৰীত ৫৫, কুকুৰাঝাৰত ১৯, বৰপেটাত ২৭টা আৰু গুৱাহাটীত ২৪টা।
আনহাতে দুৰ্গম ভোটকেন্দ্ৰৰ হিচাপে চিহ্নিত হৈছে ৫২৪টা ।তাৰে ধুবুৰীত ৩১৪টা বৰপেটাত ১৪০টা,গুৱাহাটীত ৭০টা।
আনহাতে গুৰুত্বপূৰ্ণ কথা এই যে ভোটগ্ৰহন পৰিচালনা কৰাৰ বাবে মুঠ ৩৮,৩০৮ জন বিষয়া -কৰ্মচাৰী নিয়োগ কৰাৰ হৈছে। ইয়াৰ উপৰিও নিৰাপত্তাৰ দায়িত্ব থাকিব নিৰাপত্তা বাহিনী ২০০টা কোম্পানী। একেদৰে ক্ষেত্ৰভিত্তিক পয্ৱেক্ষক দায়িত্ব থাকিব ৪৩৬ জন বিপৰীতে সাধাৰণ পয্ৱেক্ষকৰ দায়িত্ব থাকিব ৫জন। আনহাতে নিৰ্বাচনীৰ ব্যয়ৰ পৰ্যবেক্ষণৰ দায়িত্ব থাকিব ৪জন আৰু আৰক্ষীৰ পযৱেক্ষনৰ দায়িত্ব থাকিব ৩জন বিষয়া। আনহাতে ফ্লায়িং স্কোৱাদৰ দল থাকিব ১২৫ টা ।ইয়াৰ উপৰিও ভোটকেন্দ্ৰৰ সমূহ ভিডিঅ কনফাৰেন্সৰ জৰিয়তে নিৰীক্ষণ কৰাৰ বাবে ৮৩টা বিশেষ দল থাকিব।
আনহাতে ২১এপ্ৰিলৰ লৈকে ৰাজ্যত মুঠ ১,৭৩,৩০৬,৫৮লিটাৰ সুৰা জব্দ কৰাৰ বুলিও জানিবলৈ দিছে প্ৰশাসনে। জব্দ কৰাৰ সুৰাখিনি মূল্য ১,৪৯,৪২,২৮০ টকা।একেদৰে ২১এপ্ৰিলৰ লৈকে ১২,৮৪,৪০,০৪১ টকা নগদ ধন জব্দ কৰাৰ বুলিও জানিব দিছে প্ৰশাসনে।
- Log in to post comments
- 15 views