নিউজ ডেস্ক :
দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে স্থানীয় বন্ধৰ ঘোষণা কৰা হৈছে।২৩ এপ্ৰিলত অনুষ্ঠিত হ'ব লগা সমষ্টিসমূহত 'এনআই এক্ট'ৰ অধীনত বন্ধ ঘোষণা কৰিছে প্ৰশাসনে।সেই অনুসৰি ২৩ এপ্ৰিলত গুৱাহাটীতো বন্ধ থাকিব চৰকাৰী-বেচৰকাৰী কাৰ্যলয়,অনুষ্ঠান-প্ৰতিষ্ঠান,শিক্ষানুষ্ঠান,বাণিজ্যিক প্ৰতিষ্ঠান।উল্লেখ্য যে উক্ত বন্ধৰ সময়ছোৱাত কোনো প্ৰতিষ্ঠানে কৰ্মচাৰীসকলৰ দৰমহা কৰ্তন কৰিব নোৱাৰিব বুলিও জনাইছে প্ৰশাসনে।
- Log in to post comments
- 14 views