প্ৰচাৰৰ অন্তিম দিনত কুইন ওজা,ববিতা শৰ্মা,জোনমণি দেৱী খাউণ্ডৰ বাইক ৰেলী

PRASAR

নিউজ ডেস্ক :


দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহনৰ প্ৰচাৰ অভিযান আজি আনুষ্ঠানিকভাৱে অন্ত পৰিব। সন্ধিয়া ৫ বজাত আনুষ্ঠানিকভাৱে সামৰণি পৰিব লগা প্ৰচাৰ অভিযানৰ পূৰ্বে আজি পুৱাৰে পৰা দেখা গৈছে ৰাজনৈতিক দল তথা প্ৰাৰ্থীসকলৰ ব্যাপক তৎপৰতা।পাছ পৰি থকা নাই গুৱাহাটীৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীসকলো।পুৱাৰে পৰা গুৱাহাটীৰ প্ৰাৰ্থীসকলে জোৰদাৰ প্ৰচাৰ কাৰ্যসূচী চলাইছে।PRASAR2

আজি বিজেপি প্ৰাৰ্থী কুইন ওজাৰ সমৰ্থনত পুৱা ১০ বজাত গুৱাহাটীৰ খানাপাৰাৰ পৰা মহানগৰৰ মাজেৰে  উলিওৱা হয় এক বিশাল বাইক ৰেলী।উক্ত বাইক ৰেলীৰ ফ্লেগ অফ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।বাইক ৰেলীত অংশগ্ৰহণ কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য,বিধায়িকা আঙুৰলতা ডেকা প্ৰমুখ্যে বিজেপি দলৰ বহু সংখ্যক নেতা-কৰ্মীয়ে।উল্লেখ্য যে এই বাইক ৰেলী জিএছ ৰোড,পল্টনবজাৰ ,আঠগাঁও হৈ পুনৰ ফাঁচীবজাৰ,গুৱাহাটী ক্লাব,চানমাৰি,জু-ৰোড ,গণেশগুৰি,খৃষ্টানবস্তি হৈ এছবি দেউৰা কলেজ ফিল্ডত সামৰণি পৰে।PRASAR3

আনহাতে, কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাইয়ো পুৱাৰে পৰা ভোটাৰক সাক্ষাৎ কৰি আৰম্ভ কৰিছে প্ৰচাৰ অভিযান।ইয়াৰ পিছতে ববিতা শৰ্মাৰ সমৰ্থনত কংগ্ৰেছ কর্মীসকলে এটা  বিশাল ৰেলী উলিয়াই।

ইফালে,নিৰ্দলীয় প্ৰাৰ্থী জোনমণি দেৱী খাউণ্ডৰ সমৰ্থকসকলেও আজি গুৱাহাটীৰ বৰাগাঁৱত ২০০০ বাইক লৈ এটা বৃহৎ ৰেলী উলিয়াই।

Your Comments