আইপিএলত উজলি উঠিল অসম সন্তান ৰিয়ান পৰাগ

RIYAN

নিউজ ডেস্ক :

আইপিএলত উজলি উঠিছে অসম সন্তান ৰিয়ান পৰাগ। শনিবাৰে ছাৱাই মানসিং ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছৰ হৈ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ ইংনিছ খেলি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে অসম সন্তান ৰিয়ানে। 

উল্লেখ্য যে শনিবাৰৰ গুৰুত্বপূৰ্ণ খেলখনত অসম সন্তান ৰিয়ানে ২৯টা বলত ৪৩ ৰাণৰ এক অনবদ্য ইনিংছ ৰাজস্থান ৰয়েলছ দলক উপহাৰ দিয়ে।তেওঁৰ ইনিংছটোত আছিল ৫টা বাউণ্ডাৰী আৰু এটা অভাৰ বাউণ্ডাৰী।

PARAG গুৰুত্বপূৰ্ণ কথা এই যে প্ৰথমে বেট ধৰি মুম্বাই ইণ্ডিয়ানছে ৰাজস্থান ৰয়েলচক জয়ৰ বাবে বান্ধি দিছিল ১৬২ ৰাণৰ লক্ষ্য।লক্ষ্য অনুসৰণ কৰি ৰাজস্থান ৰয়েলছৰ দলটোৱে প্ৰথম ৭৭ ৰাণতে তিনিটা উইকেট হেৰুৱাই বিপদত পৰিছিল।তেনে সময়তে অসম সন্তান ৰিয়ান পৰাগ ক্ৰিজলৈ আহি ষ্টিভেন স্মিথৰ সৈতে দৃঢ়তাৰে বেটিং কৰি  ৭০ ৰাণৰ পাৰ্টনাৰশ্বিপ কৰে। কিন্তু দুৰ্ভাগ্যবশত: ষ্টিভেন স্মিথৰ এটা শ্বটত দুই ৰাণ লবলৈ গৈ আউট হয় ৰিয়ান পৰাগ।


আনহাতে,খেলখনত প্ৰথমে দুই অভাৰ  বলিং কৰি ৰিয়ান পৰাগে ১৭ ৰাণ খৰছ কৰিছিল।ইফালে ৰিয়ান পৰাগে শনিবাৰৰ খেলখনত অসমীয়া স্বাভিমানৰ প্ৰতীক গামোচাক কঁকালত খামুচি  লোৱা দেখিবলৈ পোৱা গৈছিল। খেলখনত অসম সন্তান ৰিয়ান পৰাগে লাভ কৰিছে এফবিবি ষ্টাইলিছ খেলুৱৈৰ সন্মান।

গুৰুত্বপূৰ্ণ কথা এই যে শনিবাৰৰ খেলখন আছিল আইপিএলত ৰিয়ান পৰাগৰ দ্বিতীয়খন খেল। ইয়াৰ পূৰ্বে যোৱা ১১ এপ্ৰিলত এইখন খেলপথাৰতে  চিএছকেৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল।

ইফালে,ৰিয়ানৰ শনিবাৰৰ খেল উপভোগ কৰি ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ ইৰফান পাঠান,বিশিষ্ট ধাৰা ভাষ্যকাৰ হৰ্ষ ভোগলেই টুইটাৰত যুৱ খেলুৱৈজনৰ যথেষ্ট শলাগ লয়।

Your Comments