ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ গুৱাহাটীলৈ আহিব ডঃ মনমোহন সিং

MANMOHAN

নিউজ ডেস্ক :

লোকসভাৰ নিৰ্বাচনৰ ভোটদান কৰিবলৈ ২৩ এপ্ৰিলত গুৱাহাটীলৈ আহিব দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু তেওঁৰ পত্নী গুৰচৰণ কৌৰ।অসম প্ৰদেশ কংগ্ৰেছে  জানিবলৈ দিয়া অনুসৰি দিছ্পুৰ বিধানসভা সমষ্টিৰ ভোটাৰ ড: মননোহন সিং আৰু তেওঁৰ পত্নীৰ ভোটাৰ ক্ৰমিক নম্বৰ হৈছে যথাক্ৰমে ৬২৩ আৰু ৬২৪।


উল্লেখ্য যে ১৯৯১ চনৰ পৰা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমৰ পৰা  ৰাজ্যসভাক প্ৰতিনিধিত্ব কৰি আছে।আনহাতে গুৱাহাটীত প্ৰাক্তন প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ ঘৰৰ ঠিকনা হৈছে ৩৯৮৯, সৰুমটৰীয়া,গুৱাহাটী।
উল্লেখ্য যে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ সৰুমটৰীয়াৰ ঘৰতে মাহিলী ৭০০ টকাত ড:সিং ভাৰাতীয়া হিচাপে আছে।


আনহাতে,২৩ এপ্ৰিলত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ভোটদান  কৰি পুনৰ দিল্লীলৈ উভতি যাব বুলিও জনাইছে অসম প্ৰদেশ কংগ্ৰেছৰ এক সূত্ৰই।

Your Comments