প্ৰধান মন্ত্ৰী গ্ৰামীণ ডিজিটেল সাক্ষৰতা অভিযানৰ অধীনত গহপুৰৰ টকৌবাৰীত মুকলি হৈছে কমন ছাৰ্ভিচেছ চেণ্টাৰ (চি এছ চি) ৷ উক্ত কেন্দ্ৰত আৰম্ভ হৈছে বিনামূলীয়া কম্পিউটাৰ প্ৰশিক্ষণ কাৰ্যসূচী । ইয়াৰ ফলত সমগ্ৰ অঞ্চলটোৰ নিৱনুৱা যুৱক-যুৱতীৰ লগতে কম্পিউটাৰ শিক্ষাৰ প্ৰতি আগ্ৰহী গৃহিণীসকলৰ মাজত আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে । গ্ৰাম্য অঞ্চলত এনে পদক্ষেপৰ দ্বাৰা ডিজিটেল ইণ্ডিয়াৰ সপোন সাৰ্থক কৰাৰ ক্ষেত্রত সহায়ক হ'ব বুলি আশা কৰিব পৰা যায় ৷
- Log in to post comments
- 9 views