বিলাসীপাৰাত পিতৃৰ বাবে ভোট বিচাৰিলে আব্দুৰ ৰহমান আজমলে

aajmal

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলাম


৪ নং ধুবুৰী লোকসভা  সমষ্টিৰ এআইইউডিএফ দলৰ প্ৰাৰ্থী বদৰউদ্দিন আজমলৰ বাবে তেওঁৰ পুত্র মৌলনা আব্দুৰ ৰহমানে আজি বিলাসীপাৰাৰ নায়েৰ আলগা মণ্ডল বজাৰত নিৰ্বাচনী প্ৰচাৰ চলায় । 

নিৰ্বাচনী প্ৰচাৰ সভাখনত মৌলনা বদৰউদ্দিন আজমলৰ লগতে বিধায়ক হাফিছ বছিৰ আহমেদ কাছেমী, মুক্তি ইয়াহিয়াই  এআইইউডিএফ দলক ভোট দিবলৈ জনতাক আহ্বান জনায়। কাজাইকাটা ছুৱাপাতা গাঁও পঞ্চায়তৰ  এআইইউডিএফ দলৰ  সভাপতি হুৰমুজ আলী,সদস্যা বিউটি জেছমিনা বেগমেও সভাত ভাষণ প্ৰদান কৰি আজমলক জয়যুক্ত কৰিবলৈ আহ্বান জনায়। 

সভাখনত কাজাইকাটা ছুৱাপাতা গাঁও পঞ্চায়তৰ  সভাপতি মৌলনা ছাবান আলী,সন্পাদক জাকিৰ  হুছাইন,যুৱ মৰ্চাৰ সভাপতি জেল্লাল হুছেইন আদি উপস্থিত থাকে। সভাখনত প্ৰায়  তিনি হাজাৰ  লোকৰ সমগম হয়।

Your Comments