নিজকে নিৰাপত্তা দিব নোৱাৰা নৱ শৰণীয়াই অনাবড়োক কেনেকৈ নিৰাপত্তা দিব-মন্ত্ৰী হিমন্ত 

himanta

কুমাৰীকাটাৰ পৰা ধীৰজ উপাধ্যায়

 
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টি এতিয়া হাই-প্ৰফাইল মন্ত্ৰী-বিধায়কেৰে ভৰি পৰিছে । আজি বাক্সা জিলাৰ  দক্ষিণ কুমাৰীকাটাত বিজেপি মিত্ৰজোঁটৰ এখন বিশাল ৰাজুহুৱা সভা অনুষ্ঠিত হয়। এই সভাত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামা মহিলাৰীক প্ৰশংসা কৰি বিটিএডিত অশান্তি চলি থকাৰ সময়ত হাগ্ৰামা মহিলাৰী নথকা হ'লে বিটিএডিলৈ শান্তি ঘূৰি নাহিল হয় বুলি মন্তব্য কৰে ৷ বিপিএফৰ সমৰ্থনতহে অসমত বিজেপি চৰকাৰ গঠন কৰিব পৰা গৈছে বুলি তেওঁ মন্তব্য কৰে।

বিশাল নিৰ্বাচনী সভাখনত ডঃ শৰ্মাই কয় যে নৱ কুমাৰ শৰণীয়াই নিজকে নিৰাপত্তা দিব নোৱাৰে। তেওঁ অনাবড়োসকলক কি দৰে নিৰাপত্তা প্ৰদান কৰিব ? আলফাৰ পৰা অহা নৱ কুমাৰ শৰণীয়াই তেওঁৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰৰ অপৰাধত গ্ৰেপ্তাৰ হোৱাৰ ভয়ত সাংসদ হিচাপে নিৰ্বাচিত হ'বলৈ নিৰ্বাচন খেলিবলৈ আহিছে । গতিকে নৱ কুমাৰ শৰণীয়াৰ নিজৰেই নিৰাপত্তা নোহোৱা হৈছে । অনাবড়োৰ নিৰাপত্তাৰ প্ৰতিশ্ৰুতি দি জয়ী হোৱা নৱ কুমাৰ শৰণীয়াই সংসদত এবাৰো অনাবড়োৰ সপক্ষে মাত নামাতিলে। বড়ো-অনাবড়োৰ ৰাজনীতিৰ অৱসান হ'ব লাগে।নৱ কুমাৰ শৰণীয়া বড়ো-অবড়ো সকলৰ ঠিকাদাৰহে।  এতিয়া বড়োৱে অনাবড়োৰ বিৰুদ্ধে আৰু অনাবড়োৱে বড়োৰ বিৰুদ্ধে বিভাজনৰ ৰাজনীতি কৰি থকাৰ সময় নহয় । সকলোৱে মিলাপ্ৰীতিৰে উন্নয়ন আৰু প্ৰগতিৰ পথত আগবঢ়াৰ সময় এয়া।

মন্ত্ৰী শৰ্মাই কয়-প্ৰমিলা ৰাণী ব্ৰহ্মক ভোট দিলে এই ভোট নৰেন্দ্ৰ মোদীয়ে লাভ কৰিব।সেয়েহে  নিৰ্বাচনত প্ৰমিলা ৰাণী ব্ৰহ্মক নাঙলৰ ছবিত ভোট দিবলৈ ৰাইজক আহ্বান জনায় ।
উল্লেখ্য যে এই সভাত  বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, সাংসদ ৰামেশ্বৰ তেলী, ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ লগতে বহুকেইজন বিটিএডিৰ বিষয়-ববীয়া উপস্থিত থাকে ৷

Your Comments