হোজাইৰ যমুনা জলসিঞ্চন প্ৰকল্পত অবাধ লুণ্ঠন মহন্ত-বৰঠাকুৰ যুটিৰ

হোজাইৰ যমুনা জলসিঞ্চন প্ৰকল্পত অবাধ লুণ্ঠন মহন্ত-বৰঠাকুৰ যুটিৰ

হোজাই জিলাৰ জলসিঞ্চন বিভাগত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ প্ৰাপ্ত বাতৰি অনুসৰি, হোজাইৰ ডবকা ৰাজহ চক্ৰ এলেকাৰ ১নং পইণ্ট নমাটি গাঁও, ২নং পইণ্ট কছাৰীপাৰা, ৩নং পইণ্ট কছাৰীপাৰা, ৪নং মিকিৰ পাৰা গাঁও, ৫নং উদমাৰী গাঁও, ৬নং পশ্চিম যমুনা গাঁও, ৭নং যমুনাগাঁৱকে ধৰি বৃহত্তৰ এলেকাৰ কৃষি পথাৰত পানী যোগানৰ নামত ২০১০-১১ বৰ্ষত ৰাজ্য চৰকাৰে যমুনা নৈৰ মথাউৰিৰ পাৰে পাৰে  ১৮ কোটি টকা ব্যয়সাপেক্ষে ১০টা পইণ্ট (টেন পইণ্ট নামৰ এক আঁচনি) স্থাপন কৰিছিল ৷

এই ১৮ কোটিটকীয়া প্ৰকল্পৰ নামত সেই সময়ত বিষয়া-ঠিকাদাৰে বৃহৎ অংশৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছিল ৷ যাৰ পৰিণতিত এখন বিয়াগোম আঁচনিৰ অধীনত স্থাপন হোৱাৰ ৮টা বছৰ পাৰ হোৱাৰ পিছতো ১০টা পইণ্টৰ ৮টা পইণ্টে আজিপৰ্যন্ত পথাৰত এটুপি পানীও যোগান দিব পৰা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷ ১৮ কোটিটকীয়া এই বৃহৎ প্ৰকল্পটো ৰাইজৰ কামত আহক বা নাহক, হোজাইৰ যমুনা জলসিঞ্চন প্ৰকল্পৰ কাৰ্যবাহী অভিযন্তা সঞ্জয় মহন্ত আৰু কাৰ্যালয়টোৰ বৰবাবু অনুপ বৰঠাকুৰৰ বাবে বিশেষ লাভজনক আঁচনি হৈ পৰা বুলি গুৰুতৰ অভিযোগ উঠিছে ৷

হোজাইৰ যমুনা জলসিঞ্চন প্ৰকল্পত অবাধ লুণ্ঠন মহন্ত-বৰঠাকুৰ যুটীৰ

বিশেষ সূত্ৰে জানিব পৰামতে, মহন্ত-বৰঠাকুৰে মিলি আজিও মুকলিয়েই নোহোৱা ৮টা পইণ্টৰ মেৰামতিৰ নামত চলিত বছৰতেই পুনৰ ২৪ লাখ
টকা এম এন আৰ আঁচনিৰ অধীনত আৱণ্টন লৈ আত্মসাতৰ ফন্দি ৰচনা কৰিছে ৷ কাৰ্যবাহী অভিযন্তা সঞ্জয় মহন্তই নিজৰ পচন্দৰ ব্যক্তিক ঠিকা দি এই লুণ্ঠন অব্যাহত ৰাখাৰ সময়তে তেওঁৰ বদলিৰ নিৰ্দেশ অহা বুলি এক সূত্ৰই প্ৰকাশ কৰিছে ৷ অভিযোগ মতে,কাৰ্যবাহী অভিযন্তা মহন্তৰ ভাতৃ প্ৰাণ কুমাৰ মহন্ত আৰু বিষয়াগৰাকীৰ ঘনিষ্ঠৰ ইডেন এণ্টাৰপ্ৰাইজ নামৰ প্ৰতিষ্ঠানটোৱে যমুনা জলসিঞ্চনত ঠিকাদাৰী কৰি ক'লা ধনৰ পাহাৰ গঢ়ি তুলিছে ৷ পিছপৰি থকা নাই যমুনা জলসিঞ্চনৰ বৰবাবু বৰঠাকুৰো ৷

বৰবাবু বৰঠাকুৰে নিজৰ পত্নী ৰিজুমণি বৰঠাকুৰৰ নামত ৮ লাখৰ ঠিকা লোৱা বুলি জানিব পৰা গৈছে ৷ এতিয়া লাখটকীয়া প্ৰশ্নটো হ’ল যে মুকলি নোহোৱা আঁচনিত মেৰামতি কিহৰ ? ১০ শতাংশও কাম নকৰাকৈ ইতিমধ্যে মেৰামতিৰ ২৪ লাখৰ বিল জমা কৰিলে জলসিঞ্চন বিভাগত ৷অভিযোগ মতে, বছৰ বছৰ ধৰি যমুনা জলসিঞ্চন প্ৰকল্পৰ কাৰ্যবাহী অভিযন্তাৰ চকী খামোচ মাৰি বহি থকা মহন্তৰ হাত বহুত দীঘল ৷ বিভাগীয় সচিবজন হেনো তেওঁৰ পকেটত ৷ গতিকেই তেওঁৰ চকী নলৰে ৷
 

হোজাইৰ যমুনা জলসিঞ্চন প্ৰকল্পত অবাধ লুণ্ঠন মহন্ত-বৰঠাকুৰ যুটীৰ

এতিয়া প্ৰশ্ন হয়- কৃষকৰ নামত আঁচনি প্ৰস্তুত কৰি আৰু কিমান দিন লুণ্ঠন চলাব এওঁলোকে ? প্ৰশ্ন উঠিছে, পৰিবৰ্তনকামী চৰকাৰৰ জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই এই দুৰ্নীতিৰ কিবা পৰিৱৰ্তন আনিব পাৰিবনে ? ইপিনে এক সূত্ৰই সদৰী কৰামতে, শেহতীয়াকৈ জলসিঞ্চন বিভাগৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয় হোজাইৰ নভাঙাৰ ফালে আৰু ডবকাৰ নমাটি, উদমাৰীৰ দুই-এখন ঠাইত গৈ পৰিদৰ্শন কৰে ৷

ৰহস্যজনকভাৱে, যিকেইটা কামত ব্যাপক অনিয়ম  সংঘটিত হোৱা বুলি ৰাইজে অভিযোগ কৰিছিল, সেইকেইটা কামৰ পৰিদৰ্শন কৰা নাই বুলি ৰাইজে অভিযোগ কৰিছে ৷ দুৰ্নীতি-অনিয়ম সংঘটিত কৰা  বিষয়া-কৰ্মচাৰীসকলৰ বিৰুদ্ধে বিভাগীয় মন্ত্ৰীয়ে সকীয়নি প্ৰদান কৰাৰ সময়ত হোজাইৰ নমাটি, উদমাৰি আদি অঞ্চলত সংঘটিত কৰা দুৰ্নীতি-অনিয়ম আৰু কামৰ ধন আত্মসাৎ কৰাসকলৰ বিৰুদ্ধে কিধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ৷

Your Comments