বেবেজীয়াত  শতবৰ্ষীয় বীৰসিং হাজৰিকাৰ ভোটদান

bebe

নগাঁৱৰ  পৰা  ঋতু  পৰ্ণ  শৰ্মা

 

গণতান্ত্ৰিক  প্ৰক্ৰিয়াৰ   প্ৰতি   আস্থা  প্ৰদৰ্শন  কৰি বৃহস্পতিবাৰে ১০ নং নগাঁও  সংসদীয়  লোকসভা  সমষ্টিত  ৮০ শতাংশৰো  অধিক  হাৰত   ভোটাধিকাৰ  সাব্যস্ত  কৰিলে জনসাধাৰণে।গণতান্ত্ৰিক ব্যৱস্থাৰ  প্ৰতি  আস্থা  ৰাখি  নগাঁও  জিলাৰ  বেবেজীয়াত  এজন  শতায়ু গৰকা  বৃদ্ধ ব্যক্তিয়ে  ভোটাধিকাৰ  সাব্যস্ত  কৰে । ভোটাধিকাৰ  সাব্যস্ত  কৰা ১০১ বছৰীয়া  বৃদ্ধ  ব্যক্তি জন হৈছে  বীৰসিং  হাজৰিকা। হাজৰিকাই বেবেজীয়া  পণ্ডিত  কনক চন্দ্ৰ শৰ্মা  উচ্চতৰ  মাধ্যমিক  বিদ্যালয়ত স্থাপন  কৰা  ৮১ নং ভোটকেন্দ্ৰত  এইবাৰ  তৃতীয়বাৰৰ বাবে ইভিএমত   ভোটদান  কৰে।১৯১৮ চনৰ ৩০ মে'ত জন্ম গ্ৰহণ কৰা  বীৰসিং হাজৰিকাৰ  ক্ৰমিক নম্বৰ  হৈছে ৯৯১।

 

 তিনিজন  পুত্ৰ  আৰু  তিনিগৰাকী জীয়াৰীৰ পিতৃ হাজৰিকাই  বৃহস্পতিবাৰে  দুই পুত্ৰ  ধৰ্মেশ্বৰ  হাজৰিকা  আৰু  মহেশ্বৰ  হাজৰিকাৰ সৈতে ভোটদান কৰে । ভোটাধিকাৰ  সাব্যস্ত  কৰাৰ  পিছত হাজৰিকাই 'নিউজ এএছএন'ক  কয় যে জনপ্ৰতিনিধিসকলক  নিৰ্বাচিত  কৰি দিল্লীলৈ  পঠিয়াই  যদিও  নেতাসকলে  সকলো  পাহৰি  গৈ নিজৰ  স্বাৰ্থ  সিদ্ধিত  ব্যস্ত  হৈ  পৰে । নেতাসকলে  এই  কাৰ্য ত্যাগ  কৰি  দেশ  তথা জাতিৰ  সেৱাত  মনোযোগ  দিয়া  উচিত ।

 

স্মৰ্তব্য যে   বেবেজীয়া পণ্ডিত  কনক  চন্দ্ৰ  শৰ্মা  উচ্চতৰ মাধ্যমিক  বিদ্যালয়ত স্থাপন  কৰা  বেবেজীয়া-ডিমৌ-বাংঠাই  গাঁও পঞ্চায়তৰ  ৩ নং  ৱাৰ্ডৰ ৮১ নং ভোটকেন্দ্ৰত  বৃহস্পতিবাৰে  ১১৬৪ গৰাকী ভোটাৰৰ ভিতৰত ৯১৬ গৰাকীয়ে ভোটাধিকাৰ সাব্যস্ত  কৰে ।

Your Comments