নগাঁও লোকসভা সমষ্টিত ভোটদানৰ হাৰ ৮৩.২২ শতাংশ

vote

নগাঁৱৰ  পৰা  ঋতু পৰ্ণ শৰ্মা

 

বৃহস্পতিবাৰে অনুষ্ঠিত  ১০ নং নগাঁও সংসদীয় লোকসভা নিৰ্বাচনত সামগ্ৰিক  ভোটদানৰ  হাৰ আছিল ৮৩.২২ শতাংশ ।নগাঁও জিলা জনসংযোগ বিভাগে জনোৱা  তথ্য  মতে,  নগাঁও,মৰিগাঁও আৰু হোজাই  জিলাৰ ৯ টা বিধানসভা  সমষ্টিৰে গঠিত  নগাঁও  সংসদীয় সমষ্টিত এইবাৰ  পূৰ্বতকৈ  ভোটদানৰ  হাৰ  বৃদ্ধি  পাইছে ।

 

সেই  অনুসৰি সংসদীয়  সমষ্টিটটোৰ  অন্তৰ্গত  নগাঁও জিলাৰ  ৰহা বিধানসভা সমষ্টিত ৮৩.৬৯%,নগাঁও সদৰ সমষ্টিত৮২.৪৯%আৰু বঢ়মপুৰ সমষ্টিত ৭৯.৭৫%, মৰিগাঁও জিলাৰ জাগীৰোড  সমষ্টিত ৮১.৮৭%, মৰিগাঁও সদৰ সমষ্টিত ৮০.৮০% আৰু  লাহৰীঘাট  সমষ্টিত ৮৫.২৩%  তথা হোজাই জিলাৰ  যমুনামুখ  সমষ্টিত ৮৪.৫৩%, হোজাই সদৰ সমষ্টিত ৮৫.৬২% আৰু লামডিং সমষ্টিত  ৮৪.০৫ শতাংশ  ভোটদান হয়।

 

বৃহস্পতিবাৰৰ এই নিৰ্বাচনত সংসদীয় সমষ্টিটোৰ অন্তৰ্গত হোজাইত  সৰ্বাধিক ৮৫.৬২% হোৱাৰ  বিপৰীতে বঢ়মপুৰত  সৰ্বনিম্ন ৭৯.৭৫ % ভোটদান  হয়।

Your Comments