![taka](/sites/default/files/styles/article_detail/public/2019-04/WhatsApp%20Image%202019-04-19%20at%2010.17.55%20PM.jpeg?itok=1O4XYk_h)
বঙাইগাঁওৰ প্ৰতিবেদক :
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাত্ৰ তিনি দিন বাকী থকা অৱস্থাত আজি চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাটাত এছ এছ বি , ফ্লাইং স্কোৱাড আৰু আৰক্ষীৰ যৌথ তালাচী অভিযানত মুঠ ১৩ লাখ টকা জব্দ কৰিবলৈ সক্ষম হৈছে ।
এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযানকাৰী দলটোৱে ভূটানৰ গেলেফুৰ পৰা ৰুণীখাটা হৈ শামঠাইবাৰী অভিমুখে গৈ থকা এ এছ - ১৯চি - ১২৩৪ নম্বৰৰ মাৰুতি ভেন গাড়ীখনত চিদলী বিধানসভা সমষ্টিৰ আশ্ৰাবাৰীত তালাচী চলাই মুঠ ১৩ লাখ টকা জব্দ কৰে ।
জিলা প্ৰশাসনৰ সূত্ৰই সদৰী কৰা মতে , গাড়ীখনৰ আৰোহী পশ্চিমবংগৰ মালদাৰ উৎপল দেশীয়ে টকাখিনি কঢ়িয়াই নিছিল । অবশ্যে টকাখিনি নিৰ্বাচনী কামত নে আন কিবা কামত ব্যবহাৰৰ বাবে আনিছিল সেয়া আৰক্ষীৰ তদন্ততহে প্ৰকৃত সত্য পোহৰলৈ আহিব ।
- Log in to post comments
- 11 views