![hbs](/sites/default/files/styles/article_detail/public/2019-04/WhatsApp%20Image%202019-04-19%20at%2010.13.24%20PM.jpeg?itok=HSc72IHr)
জালাহৰ পৰা গুঞ্জন দাস
তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন। ক্ৰমান্বয়ে তীব্ৰতৰ হৈছে নিৰ্বাচনী প্ৰচাৰ। আজি বাক্সাৰ জালাহত বিপিএফ দলৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰচাৰৰ বাবে হেলিকপ্টাৰযোগে আহি উপস্থিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
উক্ত সভাত মন্ত্ৰীগৰাকীয়ে ৫ নং কোকৰাঝাৰ সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াক ক্ষুৰধাৰ সমালোচনা কৰে।তেওঁৰ মতে নৱ কুমাৰ শৰণীয়াই নিৰ্বাচনৰ সময়তহে আৱিৰ্ভাৱ হৈ অবড়োৰ ৰাজনীতি কৰে। লগতে উল্লেখ কৰে যে বিডিএডিত থকা জনসাধাৰণক নিৰপত্তা দিবলৈ নৱ কুমাৰ শৰণীয়াৰ কোনো ক্ষমতা নাই; নৱ কুমাৰ শৰণীয়াৰ বিশ-ত্ৰিছটা কেচ্ ত অহাযোৱা কৰোঁতেই সময় পাৰ হৈ যায়। তেওঁ কেনেকৈ অবড়ো ৰাইজক নিৰাপত্তা দিব।যদি বিটিএডিত নিৰাপত্তাৰ প্ৰয়োজন হয় নৰেন্দ্ৰ মোডী নাইবা সৰ্বানন্দ সোণোৱালেহে দাযিত্ব ল'ব।
ডঃ শৰ্মাই ভাষণ প্ৰসঙ্গত ভোটাৰক আহ্বান জনায় যে যদিহে বিটিএডিৰ শান্তি- সপ্ৰীতি ঘূৰাই আনিবলগা হয়, তেনেহ'লে প্ৰমীলা ৰাণী ব্ৰহ্মক জয়ী কৰাবই লাগিব।
উক্ত সভাত বিজেপিৰ ৰাজ্যিক সম্পাদক শিৱনাথ ব্ৰহ্ম, বিটিচিৰ কাৰ্যবাহী সদস্য অনচুমৈখুংগুৰ বড়ো, ছাপাগুৰী বিধানসভা সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰীকে ধৰি বহুকেইগৰাকী নেতৃস্থানীয় ব্যক্তি উপস্থিত থাকে। সভাখনত হাগ্ৰামা মহিলাৰী উপস্থিত থকাৰ কথা আছিল যদিও হেলিকপ্টাৰে সংকেত লাভ কৰাত অসুবিধা পোৱা বাবে সভাখনত উপস্থিত হ'ব নোৱাৰিলে।
- Log in to post comments
- 13 views