![byke rally](/sites/default/files/styles/article_detail/public/2019-04/WhatsApp%20Image%202019-04-19%20at%209.20.59%20PM.jpeg?itok=L5pwMyZB)
তামুলপুৰৰ পৰা অভিজিৎ তালুকদাৰ
সপ্তদশ লোকসভা (তৃতীয় পৰ্যায়) নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়তে ৫ নং লোকসভা সমষ্টিত
বিভিন্ন দল-সংগঠনৰ নিৰ্বাচনী প্ৰচাৰকাৰ্য তুংগত উঠিছে।বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়াই সমষ্টিটোৰ পৰা পুনৰবাৰ জয়ী হোৱাৰ বাবে দিনে-নিশাই অব্যাহত ৰাখিছে প্ৰচাৰকাৰ্য।
আজি তামুলপুৰ মেডিকেল চ'কৰ পৰা তেওঁৰ সমৰ্থকসকলে এটা বাইক ৰেলীৰে প্ৰচাৰ চলায়। ৰেলীটোৰ ফ্লেগ অফ কৰে তামুলপুৰ জিলা অবড়ো সুৰক্ষা সমিতিৰ সভাপতি বৰুণ কলিতাই। ৰেলিত অংশগ্ৰহণকাৰীসকলে টৰ্চ লাইটৰ ছবিত ভোট দিয়ক, নৱ কুমাৰ শৰণীয়া জিন্দাবাদ, নৱ কুমাৰ শৰণীয়াৰ জয়ে ৰাইজৰ জয় আদি শ্লোগানেৰে তামুলপুৰৰ ৰাজপথ উত্তাল কৰে।ৰেলীটো তামুলপুৰ মহকুমা সদৰৰ মাজেৰে গৈ তামুলপুৰ বিধানসভা সমষ্টিৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰে।
- Log in to post comments
- 9 views