শিৱসাগৰত ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তিৰ সন্মুখত  অনুসূচিত জাতি ছাত্ৰ সন্থাৰ মুকলি বিহু

anuxuchit

কল্যাণজ্যোতি বুঢ়াগোহাঁই, শিৱসাগৰ

শিৱসাগৰ চহৰৰ মাজমজিয়াৰ দ'লমুখ চাৰিআলিত থকা ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তিৰ সন্মুখত বুধবাৰে সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই মুকলি বিহু উদযাপন কৰে। মুকলি বিহুখনি আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰে বিশিষ্ট সাংবাদিক তথা নিৱন্ধকাৰ এনামউদ্দিন আহমেদে।  উদ্ধোধনী ভাষণত তেওঁ কয়, বিহুৰ  আনন্দৰ লগত  সমান্তৰালকৈ কৰ্ম সংস্কৃতিৰ দিশটো জড়িত হৈ থাকে।

কিন্তু শেহতীয়াকৈ বিহুৰ লগত একাত্ম হৈ থকা বস্ত্ৰ, বাদ্যযন্ত্ৰ, খাদ্য সামগ্ৰীকে ধৰি আন আন সামগ্ৰীসমুহ বহিঃ ৰাজ্যৰ পৰা আমদানি কৰাৰ কথা দোহাৰি তেওঁ কৰ্ম সংস্কৃতিক প্ৰাধান্য দিয়াৰ আহ্বান জনায়। তেওঁ আৰু কয় কিছুদিন পূৰ্বে একাংশ চৰকাৰী বিষয়াই পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰি  প্ৰতিমাহৰ তৃতীয়টো শনিবাৰে কাৰ্যালয়ত উপস্থিত থাকিবলৈ চৰকাৰে নিৰ্দেশ দিছিল।সেইমৰ্মে চৰকাৰী বিষয়া কৰ্মচাৰী সকলে বহি:ৰাজ্যৰ নামী-দামী বস্ত্ৰ পৰিধান কৰি চেল্ফি মাৰি ফেচবুকত আপডেট দিছিল। কিন্তু এটা মাহৰ পিছতেই এই পৰম্পৰা লুপ্ত পালে

। আহমেদে এনে সস্তিয়া জনপ্ৰিয়তা অৰ্জনৰ পৰিবৰ্তে চৰকাৰী  বিষয়াসকলক থলুৱাভাৱে উৎপাদিত বস্ত্ৰ ক্ৰয় কৰি থলুৱা শিল্পীসকলক আৰ্থিক ভাৱে স্বাৱলম্বী হোৱাত সহায় কৰাৰ আহ্বান জনায় ।
 সংগঠনটোৰ সাধাৰণ সম্পাদক মৃদুল দাসে আঁত ধৰা মুকলি বিহুখনিৰ উদ্ধোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰি সংগঠনটোৰ সভাপতি পৰশজ্যোতি দাসে কয় যে,  সংগঠনটোৱে শিৱসাগৰৰ বিভিন্ন গ্ৰাম্যাঞ্চলত মুকলি বিহু উদযাপন কৰি আহিছে যদিও আগন্তুক সময়ত সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তিৰ সন্মুখতেই বিহু পতা হব বুলি ঘোষণা কৰে।

মুকলি বিহুৰ আৰম্ভনিতে জাঁজী পৰীয়া হুঁচৰি দলে হুঁচৰি পৰিবেশন কৰাৰ লগতে এই দলটোৱে মিচিং, বড়ো, তিৱা, কছাৰীকে ধৰি অসমৰ বহুকেইটা জনগোষ্ঠীৰ পৰমপৰাগত বিহু নৃত্য পৰিবেশন কৰি সমগ্ৰ ৰংপুৰীয়া ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে। ইয়াৰ পাছতেই মেজেঙা  হুঁচৰি দলে হুঁচৰি পৰিবেশন কৰি উপস্থিত ৰাইজক মনোৰঞ্জন দিয়ে। অনুষ্ঠানটিত কণমানি শিল্পী কৌশিক কমল দাসে গীত পৰিবেশন কৰে।

Your Comments