জন্ম গাওঁত ভোট দি আবেগিক দিলীপ শইকীয়া

dilip

বাহাৰঘাটৰ পৰা নৰেন শৰ্মাৰ প্ৰতিবেদন ,১৮ এপ্ৰিল

লোকসভাৰ দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনত আজি পূৱা সাত বজাতে মংগলদৈ লোকসভা সমষ্টিৰ অগপ,বিপিএফ  মিত্ৰ জোতৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই তেওঁৰ নিজ জন্ম গাওঁ নলবাৰী বিধান সভা সমষ্টিৰ ১১ নং দেহাৰকুছি গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৪৮২ নং পূৰ্ণকামদেৱ প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত ভোটদান কৰে৷ভোট দি উঠি শইকীয়াই কয় যে মই নিজ গাওঁৰ ভোটকেন্দ্ৰত ভোট দান কৰি আজি পৰম সন্তুষ্টি লাভ কৰিছো৷

তেওঁ আকৌ কয় যে আজি বৃহস্পতিবাৰ ,মোৰ জন্ম বাৰ,জন্মবাৰে নিজৰ পক্ষে ভোটদান কৰিব পৰাটো মোৰ বাবে পৰম সৌভাগ্যৰ বিষয়৷ভোটদানৰ পূৰ্বে প্ৰাৰ্থী গৰাকীয়ে গাওঁৰ শিৱমন্দিৰত পূজা অৰ্চনা কৰাৰ উপৰিও যে  জ্যেষ্ঠ জনৰ আশিস লয়৷ ইফালে এইবেলিৰ নিৰ্বাচনত যুৱ ভোটাৰক অধিক আগ্ৰহী হোৱা দেখা গৈছে৷বাহাৰঘাট অঞ্চলটো এইসকল নতুন ভোটাৰে ইতিবাচক মনোভাবেৰে ওলাই অহা পৰিলক্ষিত হৈছে।  ইয়াৰ ভিতৰত নিহাৰ জ্যোতি লহকৰ,সতীশ লহকৰ,জিজ্ঞাস শইকীয়া,ৰূপম দাস আদিকৰি শতাধিক নতুন ভোটাৰে সাংবাদিকৰ আগত কয় যে আমি নতুন ভোটাৰ,আমাৰ ভোটদান জয়ৰ সপক্ষে হে পৰাজয়ৰ বাবে নহয়৷

Your Comments