![dhar](/sites/default/files/styles/article_detail/public/2019-04/WhatsApp%20Image%202019-04-19%20at%2012.21.35%20AM%20%281%29.jpeg?itok=vMaBEv2y)
নলবাৰীৰ পৰা হেমন্ত কলিতা
বাদ-বিসম্বাদ আৰু অন্তৰ্কন্দলে জুৰুলা কৰা ধৰ্মপুৰ কংগ্ৰেছত সম্প্ৰতি অব্যাহত আছে দলত্যাগৰ ধাৰাবাহিক জোৱাৰ ৷বুধবাৰে সমষ্টিটোৰ ৩১(৩) দক্ষিণ পকোৱা পঞ্চায়তৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়টো মুকলি কৰাৰ অৰ্থে অনুষ্ঠিত অনুষ্ঠানত কংগ্ৰেছৰ দূৰ্গস্বৰূপ বাটসৰ-বগুৰিহাটীৰ বহুকেইগৰাকী কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত যোগদান কৰে ৷
উক্ত পঞ্চায়তখনৰ সভাপতি তথা পশ্চিম নলবাৰী মণ্ডল বিজেপিৰ উপ-সভাপতি নাজিম উদ্দিন আহমেদৰ তত্বাৱধানত বিজেপিত যোগদান কৰা সদস্যসকল হ'ল ক্ৰমে কন্দৰ্প বৰুৱা , অজয় বৰুৱা , প্ৰসন্ন বৰুৱা , পুতুল বৰুৱা , মাধৱ বৰুৱা আদি ৷ বগুৰিহাটী - বাটসৰ পঞ্চায়তৰ নিৰ্বাচনী সমিতিৰ সভাপতি ভাগ্য মোহন তালুকদাৰৰ পৌৰোহিত্ত্বত বুধবাৰে নিশা
অনুষ্ঠিত সভাখনত সদ্য পদত্যাগী কংগ্ৰেছ কৰ্মীসকলক ফুলাম গামোচা আৰু বিজেপিৰ প্ৰতিকসম্বলিত টুপিৰে দললৈ আদৰণি জনোৱা হ'য় ৷ সভাত নাট্যকাৰ আজাদ হুছেইন , বগুৰিহাটী নিৰ্বাচনী প্ৰচাৰ সমিতিৰ কাৰ্যকৰী সভাপতি শিৱ শৰ্মা , সম্পাদক জিতু বৰুৱা আদি উপস্থিত থাকে
- Log in to post comments
- 7 views