![lanka](/sites/default/files/styles/article_detail/public/2019-04/WhatsApp%20Image%202019-04-19%20at%2012.14.15%20AM.jpeg?itok=t8A79Hr4)
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত নৌহৌওতেই ৰাজনৈতিক হিংসাত্মক ঘটনা সংঘটিত হয়।লামডিং সমষ্টিৰ অন্তৰ্গত নিজ উদালী প্ৰাথমিক বিদ্যালয় ১৭৪ নং কেন্দ্ৰত দিনৰ ভাগত তৰ্ক-বিতৰ্ক কংগ্ৰেছৰ সমৰ্থক মজিবুৰ ৰহমান ওৰফে লালা আৰু ভাৰতীয় জনতা পাৰ্টীৰ প'লিং এজেন্ট মিনাজ উদ্দিন লস্কৰৰ মাজত। জাল ভোট দিয়াক লৈ মজিবুৰ ৰহমানে লগত কিছু লোকক লৈ মাৰ- পিট কৰে মিনহাজ উদ্দিনক। ভোটগ্ৰহণ শেষ হোৱাৰ পিছত মিনহাজক প্ৰহাৰ কৰে।এই প্ৰহাৰত মিনহাজ অচেতন হয়।ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে তেওঁক উদ্ধাৰ কৰি লংকা প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । পিছত উন্নত চিকিৎসাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
- Log in to post comments
- 26 views