যমুনামুখত কংগ্ৰেছ নেতাক ফোনযোগে ভয় -ভাবুকি প্ৰদানৰ অভিযোগ

evm

নগাঁওৰ পৰা ৱাহিদুদ জামান


  নগাঁও সংসদীয় সমষ্টিৰ অন্তৰ্গত হোজাই জিলাৰ যমুনামুখ বিধানসভা সমষ্টিৰ এজন কংগ্ৰেছ নেতাক হোজাই আৰক্ষী অধীক্ষকৰ লগতে মন্ত্রী পীয়ুষ হাজৰিকাই ভয়- ভাবুকি প্ৰদৰ্শন কৰাৰ গুৰুতৰ অভিযোগ উঠিছে | 


কংগ্ৰেছৰ এটা সূত্রই প্ৰকাশ কৰা মতে, সংসদীয় সমষ্টিটোৰ অন্তৰ্গত যমুনামুখ বিধানসভা সমষ্টিত আজি ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সময়তেই সমষ্টিটোৰ ৩২ টা ভোটগ্ৰহণ কেন্দ্ৰত ইভিএমৰ বিসংগতি হয়। এই সন্দৰ্ভত হোজাই জিলাৰ বিনাকান্দি ব্লক কংগ্ৰেছৰ সভাপতি ৰেহান উদ্দিন আহমেদে সংশ্লিষ্ট ভোটগ্ৰহণ কেন্দ্ৰৰ কৰ্তব্যৰত বিষয়াক অভিযোগ দিয়ে । ইয়াৰ কিছু সময়ৰ পিছতেই মন্ত্রী পীয়ুষ হাজৰিকাই কংগ্ৰেছ নেতাজনক টেলিফোনযোগে কোনো অভিযোগ নকৰিবলৈ ভাবুকি প্ৰদান কৰে অভিযোগ উঠিছে। মন্ত্রীগৰাকীয়ে তেওঁক কংগ্ৰছ দল কৰাৰ বাবেও বিভিন্ন প্ৰশ্ন কৰে।তাৰ পিছতে ডবকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিলোৎপল ভূঞাই কংগ্রেছ নেতাজনক ভাবুকি প্রদান কৰে বুলি অভিযোগ উত্থাপন হৈছে। তদুপৰি হোজাই আৰক্ষী অধীক্ষক অংকুৰ জৈনে টেলিফোনত অনুৰূপ ধৰনেৰে ভাবুকি প্ৰদান কৰি কংগ্ৰেছ নেতাজনক তেওঁৰ ব্যৱসায়ত সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কোৱাৰ  অভিযোগ উঠিছে। 

এই সন্দৰ্ভত ব্লক কংগ্ৰেছৰ সভাপতিজনে ডবকা থানাত এজেহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে । ইপিনে, সংসদীয় সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আজি দিনৰ প্ৰায় এক বজাত সমষ্টিটোৰ ৰিটাৰ্নিং বিষয়া তথা নগাঁও জিলাৰ উপায়ুক্ত যাদৱ শইকীয়াৰ জড়িয়তে দেশৰ নিৰ্বাচন আয়োগলৈ এখন অভিযোগপত্র প্ৰেৰণ কৰে। এই অভিযোগপত্র প্ৰেৰণৰ পিছত সংবাদ মাধ্যমৰ আগত প্ৰদ্যুৎ বৰদলৈয়ে কয়, আজি ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি থকাৰ সময়ত বিনাকান্দি ব্লকৰ সভাপতি ৰেহানউদ্দিনক মন্ত্ৰী পীয়ুষ হাজৰিকাই ফোনযোগে কংগ্ৰেছক সমৰ্থন নকৰিবৰ বাবে ভয়-ভাবুকি দিয়ে। 

যমুনামুখৰ ৰাইজে কংগ্ৰেছৰ সপক্ষে ভোট দিয়াৰ কথা উমান পাইয়ে এইদৰে ভয়- ভাবুকি দিয়া বুলি দাবী কৰি কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয়, অকল পীয়ুষ হাজৰিকাই নহয় ডবকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ লগতে স্বয়ং জিলা আৰক্ষী অধীক্ষক অংকুৰ জৈনেও ৰেহানক ভাবুকি প্ৰদান  কৰে। তেওঁ সমগ্ৰ সংসদীয় সমষ্টিত এশৰো অধিক ইভিএম  বিকল হোৱাত ক্ষোভ প্ৰকাশ কৰে। বৰদলৈয়ে লগতে কয়, কংগ্ৰেছৰ প্ৰতি ভোটাৰ ৰাইজৰ সমৰ্থন দেখি হতাশাগ্ৰস্ত হৈ বিজেপি চৰকাৰে এতিয়া প্ৰশাসনযন্ত্ৰ ব্যৱহাৰ কৰি সম্পূৰ্ণ পক্ষপাতিত্বমুলক আচৰণ কৰিছে। বৰদলৈয়ে লগতে কয়, নিৰ্বাচন প্ৰক্ৰিয়াৰ লগত জড়িত আৰক্ষী বিষয়াগৰাকীয়ে এনেধৰণৰ আচৰণ কৰাটো অতি দুৰ্ভাগ্যজনক। ম‌ই নিৰ্বাচন আয়োগক এই ঘটনাটো হস্তক্ষেপ কৰাৰ লগতে দোষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছোঁ। 


ইপিনে, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে কয়, আমাৰ কংগ্ৰেছ নেতা-কৰ্মীক আজি প্ৰদান কৰা ভয়-ভাবুকিয়ে এটা কথা প্ৰমাণ কৰিছে যে বিজেপিৰ পতন নিশ্চিত। বিজেপি নেতা-সকলে কৰা কামবিলাক ইমানেই নিম্ন খাপৰ যে কালি নিশা জাগীৰোডত এগৰাকী কংগ্ৰেছ কৰ্মী দুৰ্ঘটনাত পতিত হোৱাৰ পিছত ৰাজনৈতিক প্ৰভাৱ খটুৱাই চিকিৎসালয়ৰ পৰা আৰোগ্য লাভ নকৰাকৈ ৰোগীজনক ৰিলিজ কৰি দিছে।হুছেইনে আজিৰ ভোটদান সন্দৰ্ভত নিজৰ মত ব্যক্ত কৰি কয়, এইবাৰ কংগ্ৰেছক সচেতন ৰাইজ আৰু চাইলেন্ট ভোটাৰেও সমৰ্থন দিছে। প্ৰথম পৰ্যায়তকৈ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত কংগ্ৰেছৰ ফলাফল অধিক ভাল হ'ব বুলিও মন্তব্য কৰে।

 প্ৰদ্যুৎ বৰদলৈৰ লগত আজি প্ৰাক্তন বিধায়ক ডাঃ দুৰ্ল্লভ চমুৱা, জিলা কংগ্ৰেছৰ সভাপতি তপন শৰ্মাকে ধৰি বহুকেইগৰাকী নেতা উপস্থিত থাকে।

Your Comments