ভোট দি গৌতম ৰয়ে গীত গালে,নাচিলে

goutam

শিলচৰৰ পৰা বিক্ৰম দাস

আজি বিয়লি ভোটদান কৰে প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ে। পত্নী তথা প্ৰাক্তন বিধায়িকা মন্দিৰা ৰয়ক লগত লৈ হাইলাকান্দিৰ গ্ৰেহাম মধ্যবঙ্গ বিদ্যালয়ত বিয়লি ৪ বজাত ভোটদান কৰিলে গৌতম ৰয়ে। 

অন্যান্য বছৰত গৌতম ৰয়ক দেখা গৈছিল পুৱা ভোটদান কৰা। কিন্তু এইবাৰ ইয়াৰ ব্যতিক্ৰম। বিয়লি ৪ বজাত গৌতম ৰয়ে কৰে  ভোটদান।ভোটদানত উৎসাহ নাই নেকি? সাংবাদিকৰ এই প্ৰশ্নৰ উত্তৰত ৰয়ে ক'লে-উৎসাহ থকাৰ বাবেহে ভোট দিবলৈ আহিছে। 

পিছত নিজ ভঙ্গীমাত গান গাই, নাচি,পত্নীৰ লগত হাঁহি- ধেমালি কৰি ভোটকেন্দ্ৰ ত্য‍াগ কৰে প্ৰ‍াক্তন মন্ত্ৰী গৌতম ৰয়ে।

Your Comments

Related Articles