বৃহৎ সমদলেৰে বৰভাগত ড°হিমন্ত বিশ্ব শৰ্মাৰ পদযাত্ৰা

bahar

বাহাৰঘাটৰ পৰা নৰেন শৰ্মাৰ প্ৰতিবেদন,১৭ এপ্ৰিল:
গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোতৰ প্ৰাৰ্থী কুইন ওজাৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি আবেলি নলবাৰী জিলাৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বৰভাগত অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয়৷বৰভাগত উপস্থিত হৈয়ে বিজুলীঘাট কৰিয়াৰ পৰা এটি বৃহৎ সমদলৰে মন্ত্ৰী শৰ্মাই পদযাত্ৰা কৰি কমাৰকুছি হৈ কালাগত সামৰণি মাৰে৷

প্ৰায় আঠ কিলোমিটাৰ পথ পদযাত্ৰা কৰা সময়ত মন্ত্ৰী গৰাকীক বিজেপি আৰু মিত্ৰ গোষ্ঠী অগপৰ বহুত নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰাৰ লগতে সমদলটোত হেজাৰ হেজাৰ স্থানীয় লোকে সহযোগ কৰে৷ আকৌ এবাৰ মোডী চৰকাৰ গীত আওৰাই নৃত্য প্ৰদৰ্শনৰে বৰভাগৰ ৰাইজক আকৰ্ষিত কৰাৰ শ্রেষ্ঠা কৰে৷ সমদলত অংশ লোৱা ৰাইজৰ মাজতো যথেষ্ঠ উৎসাহ পৰিলক্ষিত হয়।

Your Comments