![khalek](/sites/default/files/styles/article_detail/public/2019-04/WhatsApp%20Image%202019-04-18%20at%2012.13.50%20AM.jpeg?itok=mV5wI-Pw)
চেঙাৰ পৰা সুৰজিৎ পাঠক
বৰপেটা জিলাৰ চেঙাত সদৌ অসম গৰিয়া- মৰীয়া দেশী জাতীয় পৰিষদে এখন সংবাদমেল অনুষ্ঠিত কৰে। ৰোহিঙীয়া আনিব বিচৰা ৰাজনৈতিক নেতাই গৰিয়া- মৰীয়া দেশী জাতীয় পৰিষদৰ জনগোষ্ঠীয় পৰিচয় পোৱাত বাধাৰ সৃষ্টি কৰিব বিচৰা বুলি সংবাদমেলত অভিযোগ উত্থাপন কৰে গৰিয়া-মৰীয়া দেশী জাতীয় পৰিষদৰ সভাপতি হাফিজুল আহমেদে।
যোৱা ১৫ এপ্ৰিলত চেঙাত এটি নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি গৰিয়া- মৰীয়া দেশী জাতীয় পৰিষদৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰা এগৰাকী প্ৰাৰ্থীক লক্ষ্য কৰি গৰিয়া-মৰীয়া দেশী জাতীয় পৰিষদে বুধবাৰে সকিয়নী প্ৰদান কৰে। ৰোহিঙীয়া আনিব বিচৰা ৰাজনৈতিক নেতা বুলি কংগ্ৰেছ প্ৰক্ষেপিত প্ৰাৰ্থী আব্দুল খালেককে সংবাদমেলত লক্ষ্য কৰি লৈছিল গৰিয়া-মৰীয়া দেশী জাতীয় পৰিষদে ।
এই সংবাদমেলত হাফিজুল আহমেদে পুনৰ কয় যে খিলঞ্জীয়া বিৰোধী মন্তব্য কৰা নেতাক অসমৰ গৰিয়া-মৰীয়া দেশী জাতিয়ে চিনিছে। আনহাতে অসমৰ সৰ্বত্ৰে বঞ্চিত গৰিয়া-মৰীয়া দেশী জাতিক জনগোষ্ঠীৰ পৰিচয় দিব বিচৰা ৰাজনৈতিক দল তথা প্ৰাৰ্থীকে সদৌ অসম গৰিয়া-মৰীয়া দেশী জাতীয় পৰিষদে ভোট দিবলৈ ৰাইজক আহ্বান জনায় ।
- Log in to post comments
- 94 views