সকলো জনগোষ্ঠীৰ কলা-সংস্কৃতি জীয়াই ৰাখিবলৈ বি টি চি এ চেষ্টা কৰিছে : দেৱেন বড়ো

deban boro_BTC

সকলো জনগোষ্ঠীৰ কলা-সংস্কৃতি জীয়াই ৰাখিবলৈ বি টি চি এ চেষ্টা কৰিছে। বি টি চিৰ সাংস্কৃতিক বিভাগৰ অধীনৰ তামুলপুৰ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আৰু শ্ৰীমন্ত শঙ্কৰদেৱ , মাধৱদেৱ বীৰনাম সাংস্কৃতিক গোষ্ঠী , আৰু নৃত্যাঞ্জলী কলা কৃষ্টি কেন্দ্ৰ তামুলপুৰৰ সহযোগত ১৭ জুলাইৰ পৰা ১৩ দিনীয়াকৈ  অনুষ্ঠিত  হোৱা  বৰগীত, ভূপেন হাজৰিকা আৰু জ্যোতি প্ৰসাদ আগৰৱালাৰ গীত আৰু নৃত্যৰ কৰ্মশালাৰ  সামৰণি  উপলক্ষে অনুষ্ঠিত সভাত বি টি চি ৰ কাৰ্যবাহী সদস্য দেৱেন বড়োই এইদৰে কয়। ভাষণ প্ৰসঙ্গত তেও তামুলপুৰৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ কথা দোহাৰি সদ্যহতে এই মঞ্চই তামুলপুৰৰ বিভিন্ন ঠাইত বিভিন্ন  জনগোষ্ঠীৰ ১০০০ জন প্ৰশিক্ষাৰ্থীক  বিভিন্ন জনগোষ্ঠীয়ৰ কলা-সংস্কৃতি প্ৰশিক্ষণ  দিয়াত  সন্তোষ প্ৰকাশ কৰে। সামৰণি অনুষ্ঠানটো উদ্বোধন  কৰি  সংস্কৃতিককৰ্মী মদন মোহন শৰ্মাই  অভিভাৱক সকলক উদ্দেশ্য কয় যযেজন্মতে কোনো লোকে শিক্ষালৈ নাহে। 

আমাৰ অভিভাৱক সকলে তেওঁলোকৰ সন্তানক উৎসাহিত কৰিব লাগিব। প্ৰশিক্ষাৰ্থী সকলক এই চৰ্চা অব্যাহত ৰাখিবলৈ তেও আহ্বান জনাই। আজি অনুষ্ঠিত সামৰণি সভাত প্ৰশিক্ষণ গ্ৰহণ কৰা  প্ৰশিক্ষাৰ্থী  সকলৰ দ্বাৰা বৰগীত, জ্যোতি সংগীত, ভূপেন্দ্ৰ সংগীতৰ নৃত্য গীত প্ৰদৰ্শন কৰা হয় । হিতেন  পাঠকে আঁত ধৰা আজিৰ সামৰণি সভাত  তামুলপুৰ সাংস্কৃতিক কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া যুগান্ত বায়ন, বৰগীত প্ৰশিক্ষক গৌতম বায়ন, সহ প্ৰশিক্ষক হেমেন সুত্ৰধৰ, আধুনিক গীতৰ প্ৰশিক্ষক দীপক মুদৈ, নৃত্য প্ৰশিক্ষক নুৰ আলী, জ্যেষ্ঠ  নাগৰিক মুকুন্দ দাস প্ৰমুখ্যে বহু সংখ্যক অভিভাৱক-অভিভাবিকা আৰু প্ৰশিক্ষাৰ্থী  উপস্থিত থাকে।

Your Comments