ৰাজ্যিক কৰ্মচাৰী সকলে যাতে সন্মান সহকাৰে জীয়াই থাকিব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে সদৌ অসম কৰ্মচাৰী পৰিষদে । কৰ্মচাৰী সকলে নিজৰ সন্মান অটুট ৰাখিবলৈ হলে ৰাজ্যৰ ৪.৫ লাখ কৰ্মচাৰীয়ে নিজৰ কৰ্মৰ জৰিয়তে অসমৰ ৩ কোটি জনসাধাৰণৰ আস্থা আৰু বিশ্বাস লাভ কৰিব লাগিব । -এই ভাষ্য সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি বাসৱ চন্দ্ৰ কলিতাৰ । তামুলপুৰ জিলা কৰ্মচাৰী পৰিষদৰ পঞ্চম দ্বি বাৰ্ষিক নাগ্ৰীজুলি অধিবেশনৰ মুকলি সভাত আজি কলিতাই এই মন্তব্য আগবঢ়ায় ।
ভাষণ প্ৰসংগত তেওঁ কয় যে সদৌ অসম কৰ্মচাৰী পৰিষদ নামৰ সংগঠনটোৰ লগত জড়িত থকা নথকা ৰাজ্যৰ সকলো ধৰণৰ কৰ্মচাৰীৰ প্ৰতি সদৌ অসম কৰ্মচাৰী পৰিষদ দায়বদ্ধ । সপ্তম দৰমহা আয়োগৰ আসোঁৱাহসমূহ দূৰীকৰণৰ ক্ষেত্ৰত সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে সঘনাই ৰাজ্য চৰকাৰৰ লগত আলোচনা চলাই সমস্যা সমূহৰ সমাধানৰ প্ৰচেষ্টা অব্যাহত ৰখা বুলি মন্তব্য কৰি তেওঁ কয় যে দৰমহা আয়োগৰ দায়িত্বত থকা একাংশ অনভিজ্ঞ লোকৰ বাবে চৰকাৰী কৰ্মচাৰী সকলৰ দৰমহাৰ গাঁথনিৰ বিসংগতিৰ সৃষ্টি হৈছে । দৰমহা আসোঁৱাহ সমিতিৰ প্ৰতিবেদনৰ বিষয়ে ব্যাখ্যা কৰি বাসৱ কলিতাই কয় যে এই প্ৰতিবেদনৰ মৰ্মেই সংগঠনটোৰ প্ৰচেষ্টাত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতক শিক্ষক সকলক মাহিলী ৩০০ টকাকৈ ভাত্তা দিয়াৰ অনুমোদন জনাইছে ৰাজ্য চৰকাৰে । ভাষণত তেওঁ কয় অন্যান্য ৰাজ্যৰ তুলনাত অসমৰ কৰ্মচাৰী সকলে এতিয়াও বিভিন্ন সা সুবিধাৰ পৰা বঞ্চিত হৈ আছে । তেলেংগনাৰ চৰকাৰী কৰ্মচাৰীয়ে বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰাৰ দৰে অসমৰ কৰ্মচাৰীসকলেও যাতে বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব পাৰে তাৰ ওপৰত সদৌ অসম কৰ্মচাৰী পৰিষদে চৰকাৰৰ ওচৰত তীব্ৰ দাবী জনাই আহিছে । পাঁচ শতাধিক কৰ্মচাৰীক উদ্দেশ্যি আগবঢ়োৱা ভাষণত কলিতাই কয় যে ৰাজ্যৰ কৰ্মচাৰী সকল একত্ৰিত হৈ থাকিলেহে কৰ্মচাৰী সকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত দিছ্পুৰ বাধ্য হ'ব ।
তামুলপুৰ জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি মৃণাল দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখন আনুষ্ঠানিকভাবে উদ্বোধন কৰে তামুলপুৰ মহকুমা প্ৰশাসনৰ সহকাৰী আয়ুক্ত হৃদয় কুমাৰ দাসে । সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া জ্যোতিষ চন্দ্ৰ কাকতিয়ে ভাষণ ৰাখি অসমৰ সমাজ জীৱনত সদৌ অসম কৰ্মচাৰী পৰিষদৰ ভূমিকা অপৰিসীম বুলি মন্তব্য কৰে । তামুলপুৰ জিলা কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদক কনো ৰাম কলিতাই আঁত ধৰা সভাখনত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান ফকৰুদ্দিন আহমেদ, সাংগঠনিক সম্পাদক গংগাধৰ বৰ্মন, কাৰ্যনিৰ্বাহক সদস্য দীন বন্ধু ডেকা, বাক্সা জিলা সাহিত্য সভাৰ সভাপতি ব্ৰজেন্দ্ৰ নাথ ডেকা আদিকে ধৰি তামুলপুৰ জিলা আৰু নাগ্ৰীজুলি আঞ্চলিক কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়া , সদস্য সকল উপস্থিত থাকে ।
আজিৰ এই সভাতেই তামুলপুৰ জিলা কৰ্মচাৰী পৰিষদৰ মুখ পত্ৰ কৰ্মযোগী উন্মোচন কৰে সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সম্পাদক প্ৰধান নগেন দাসে । ইফালে নাগ্ৰীজুলি আঞ্চলিক কৰ্মচাৰী পৰিষদৰ উদ্যাগত আয়োজিত অধিবেশনৰ কাৰ্যসূচী অনুসৰি মুকলি সভাৰ পূৰ্বে অনুষ্ঠিত প্ৰতিনিধি সভাখন মুকলি কৰে নাগ্ৰীজুলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ভক্ত বাহাদুৰ ছেত্ৰীয়ে । প্ৰতিনিধি সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।
এই প্ৰতিনিধি সভাতেই মৃণাল দাসক সভাপতি আৰু কন্দৰ্প তালুকদাৰক সাধাৰণ সম্পাদক হিচাপে লৈ তামুলপুৰ জিলা কৰ্মচাৰী পৰিষদৰ নতুন কাৰ্যনিৰ্বাহক সমিতি খন গঠন কৰা হয় । ইফালে আজি পুৱা পৰিবেশ নিকাকৰণ উদ্বোধন কৰে ডাঃ মনোহৰ দাসে । পতাকা উত্তোলন কৰে তামূলপুৰ জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি মৃণাল দাসে । তামূলপুৰ জিলা কৰ্মচাৰী পৰিষদৰ উপ সভাপতি জীৱন চৌধুৰীয়ে স্মৃতি তৰ্পন কৰাৰ পিছত গছ পুলি ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয় ।
- Log in to post comments
- 30 views