এন আৰ চিৰ খচৰাত  বিসংগতি, যোগীঘোপাত হিন্দু পৰিয়ালৰ সদস্য হ’ল ইছলাম ধৰ্মাৱলম্বী লোক 

nrc_assam

সকলো ধৰণৰ জল্পনা-কল্পনাৰ অন্ত পেলাই বহু চৰ্চিত ঐতিহাসিক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ চমুকৈ এন আৰ চিৰ যোৱা ৩০ জুলাইত পূৰ্ণাঙ্গ খচৰা প্ৰকাশ পালে।এন আৰ চিৰ পূৰ্ণাঙ্গ খচৰা প্ৰকাশ পোৱাৰ পিছত বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ যোগীঘোপাত ধৰা পৰিল খচৰাত থকা বিসংগতিৰ এক  তথ্য। জানিব পৰা মতে অভয়পুৰীৰ কচুদোলা গাঁৱৰ পানীমল দাসৰ এন আৰ চিৰ পূৰ্ণাংগ খচৰাত দাসৰ ARN No 101831902111036703576ৰ বিপৰীতে সোমাল কোনো ইছলাম ধৰ্মাৱলম্বী লোকৰ নাম । তেওঁৰ  পত্নী নমিতা কলিতাৰ নামৰ পৰিবৰ্তে নাম আহিল জনৈক আম্বিয়া খাতুনৰ।আনকি তেওঁৰ পুত্ৰৰ নামৰ স্থানটো আহিল জনৈক সামিনুৰ  ইছলামৰ নাম। বিষয়টোক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে হতাশা আৰু শংকাত ভোগা পৰিয়ালটোৱে আশা কৰিছে যে পৰবৰ্তী সময়ত এন আৰ চি কৰ্তৃপক্ষই উক্ত পৰিয়ালটোৰ এন আৰচিৰ ক্ষেত্ৰত দেখা দিয়া বিসংগতি আতৰ কৰিব।

Your Comments