হাতীমূৰা মথাউৰিক লৈ পুনৰ শংকা কলিয়াবৰবাসীৰ  জিঅ' বেগৰ উপৰত তাণ্ডব বন্যহস্তিৰ

kaliabor_Jio bags

ৰাজ্যখনৰ বিভিন্ন ঠাইত বানে তাণ্ডব দেখুওৱাৰ সময়তে কলিয়াবৰৰ হাতীমূৰা মাথাউৰিক লৈ শংকিত হৈ পৰিছে কলিয়াবৰবাসী ৰাইজ। উল্লেখযোগ্য যে ৩ মাহ পূৰ্বে নিৰ্মাণ সমাপ্ত হোৱা মথাউৰিত এতিয়া নিতৌ বনৰীয়া হাতীৰ জাকে তাণ্ডৱ চলাই আহিছে। নিশা হ'লেই শতাধিক বন্যহস্তীয়ে হাতীমূৰা মাথাউৰিত বিচৰণ কৰাৰ লগে লগে তাত থকা জিঅ' বেগ সমূহৰ বিস্তৰ ক্ষতিসাধন কৰিছে। হাতীৰ জাকটোৱে মথাউৰিত নতুনকৈ দিয়া মাটি ঠায়ে ঠায়ে খহাই পেলোৱাৰ লগতে ঠায়ে ঠায়ে প্রকাণ্ড গাতৰো সৃষ্টি কৰিছে। উল্লেখ যে যোৱা বৰ্ষৰ ১৩ আগষ্টৰ নিশা এই হাতীমূৰা মথাউৰি ছিঙিয়েই কলিয়াবৰৰ লগতে নগাঁওবাসীৰো বিস্তৰ ক্ষতিসাধন কৰিছিল। ইমানৰ পিছত বিভাগীয় কৰ্তৃপক্ষই হাতী খেদাৰ ব্যৱস্থা নকৰাৰ লগতে পহৰা দিয়াৰ ব্যৱস্থা নকৰাত কলিয়াবৰীয়া ৰাইজ বৰ্তমানে শংকিত হৈ পৰিছে। জানিব পৰা মতে জিঅ' বেগৰ কিছু কাম কাম আজিও বাকী আছে।


এনে অৱস্থাতে জিঅ' বেগ সমূহৰ সৈতে নিতৌ হাতীয়ে খেলা কৰে বুলি অভিযোগ কৰি স্থানীয় একাংশলোকে কয় যে কিছু দিন পূৰ্বে মহকুমা প্ৰশাসন, আৰক্ষী আৰু বনবিভাগৰ লোক উপস্থিত হৈ বনৰীয়া হাতীৰ জাকক হাতীমূৰা মথাউৰীত প্ৰৱেশত বাধা দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছিল যদিও সময়ত সকলো ফুটুকাৰ ফেনত পৰিণত হ’ল।
বিভাগীয় মন্ত্ৰী কেশৱ মহন্তই অলপতে হাতীমুৰা মথাউৰিক বিপদমুক্ত বুলি ঘোষণা কৰিছিল যদিও মন্ত্ৰী গৰাকীৰ এনে আশ্বাসে যেন আশ্বস্ত কৰিব পৰা নাই কলিয়াবৰৰ ৰাইজক।

koliabor_jio bags

ইফালে বিগত বৰ্ষৰ বানে হাতীমুৰা মথাউৰিৰ ছিঙি নিয়া অংশকে ধৰি তিনি কিলোমিটাৰৰো অধিক অংশৰ পুনৰ নিৰ্মাণ কৰিলে  যদিও জিঅ’ টিউব সম্পূৰ্ণ কৈ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে৷

স্থানীয় ৰাইজে এম পি আগৰৱালা ঠিকাদাৰ গোষ্ঠীৰ নামত আৱণ্টিত ৯২টা জিঅ’ টিউবৰ কাম সম্পূৰ্ণ হোৱাৰ বিপৰীতে ফ্লেক্সি-টাফ নামৰ ঠিকাদাৰ গোষ্ঠীয়ে আজিও ৫৪টা জিঅ’ টিউব বহুওৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে। আনহাতে, কলিয়াবৰৰ মহকুমাধিপতিয়ে যোৱা ১ জুলাইত ঠিকাদাৰ গোষ্ঠী ফ্লেক্সি-টাফক জাননী জাৰি কৰাত ১০ দিনৰ সময় বিচাৰে যদিও ফ্লেক্সি-টাফে আজি পৰ্যন্ত কাম সম্পূৰ্ণ কৰিব পৰা নাই বুলি অভিযোগ উত্থাপিত হৈছে।

Your Comments