দৰং-ওদালগুৰি জিলা ডাম্পাৰ চালক সন্থাৰ কাৰ্যালয় উদ্বোধন

darang_dumper

সদৌ অসম ডাম্পাৰ চালক সন্থাৰ দৰং-ওদালগুৰি জিলা সমিতিৰ স্থায়ী কাৰ্যালয় আজি কেইবা শ ডাম্পাৰ চালকৰ উপস্থিতিত বিটিচিৰ কাৰ্যবাহী সদস্য জগদীশ সৰকাৰে এক উৎসৱমুখৰ পৰিৱেশৰ মাজেৰে কলাইগাঁৱৰ ভোলাবাৰীত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে । এই উপলক্ষে সন্থাৰ সভাপতি খগেন চন্দ্ৰ ডেকাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় । সন্থাৰ সম্পাদক কন্দৰ্প ডেকাই আঁতধৰা সভাখনত শিলপোটা মোজাৰ মৌজাদাৰ কমল প্ৰসাদ শৰ্মাই কাৰ্যালয়টো উদ্বোধন কৰে । সভাখনত বিটিচিৰ পৰিবহণ বিভাগৰ মনোনীত সদস্য জগদীশ সৰকাৰে কয় যে পৰিবহণ বিভাগত অসমৰ ভিতৰতে ১১২ কোটি টকা ৰাজহ সংগ্ৰহ কৰি বাক্সা জিলা তৃতীয় স্থানত থকাৰ কথা অৱগত কৰে । সভাখনত দৰং-ওদালগুৰি জিলা ডাম্পাৰ চালক সন্থাৰ আইনী উপদেষ্টা, অধিবক্তা হোমেন কাকতি, অৱসৰী শিক্ষক কেশৱ চহৰীয়া, ভোলাবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক ধনেশ্বৰ ডেকা, কলাইগাঁও আৰক্ষী থানাৰ আৰক্ষী বিষয়া ডিম্বেশ্বৰ দাস, যুৱ নেতা খাইৰুল ইছলাম আদি বিশিষ্ট ব্যক্তিয়ে ভাষন প্ৰদান কৰে । সভখনত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কলাইগাঁও আঞ্চলিক সমিতিৰ সচিব প্ৰধান অৰূপ শৰণীয়া, কলাইগাঁও আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি মুকুন্দ ডেকা, স্থানীয় সংবাদদাতা টংকেশ্বৰ বৰুৱা, গিৰিশ শৰ্মা আৰু পূৰ্বজ্যোতি মেধীকে ধৰি কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে।

Your Comments