লোকপ্ৰিয়ৰ ৬৯ সংখ্যক মৃত্যু দিৱস ৰঙিয়াত কেন্দ্ৰীয়ভাবে উদযাপন

rangia_gopinath

ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ ৬৯ তম্ মৃত্যু দিৱস আজি গোপীনাথ বৰদলৈ ন্যাস আৰু ৰাইজৰ সহযোগত ৰঙিয়াৰ ঐতিহ্য মণ্ডিত হৰদত্ত বীৰদত্ত ভৱনত অনুষ্ঠিত কৰা হয়।


ভাৰতৰত্ন গৰাকীৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি ৰাতিপুৱা সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত কৰা হয়। অনুষ্ঠানটোত
প্ৰয়াত ব্ৰীগেডিয়াৰ ধীৰেণ বৰদলৈৰ ধৰ্মপত্নী প্ৰণতি বৰদলৈয়ে গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিত  শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ লগতে গোপীনাথ বৰদলৈৰ পৰিয়ালবৰ্গ আৰু ৰঙিয়াৰ বিশিষ্ঠ ব্যক্তিসকলে ভাৰতৰত্ন গৰাকীক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।

অসম চৰকাৰৰ জলসিঞ্চন,ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী ভৱেশ কলিতায়ো অনুষ্ঠানটোত উপস্থিত থাকি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি কলিতাই কয় যে অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈদেৱৰ মৃত্যু তিথিত তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ।বৰদলৈদেৱে কৰি যোৱা অৱদান সমূহ আমি আৰ্দশ হিচাপে লৈ আগবাঢ়িলে আমি উপকৃত হব পাৰিম,মহান ব্যক্তি গৰাকীৰ আৰ্দশৰে অনুপ্ৰাণিত হলেহে আমাৰ সমাজখন উপকৃত হ'ব বুলি মন্ত্ৰী গৰাকীয়ে তেখেতৰ বক্তব্যত প্ৰকাশ কৰে।

Rangia_Gopinath Bordoloi

অনুষ্ঠানটোৰ লগত সংগতি ৰাখি ৰাতিপুৱা ১১ বাজাৰ পৰা আৰম্ভ হোৱা মুকলি সভাত সভাপতিত্ব কৰে জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ যতীন নাথে। উদযাপন সমিতিৰ সাধাৰণ সম্পাদক অনন্ত ডেকাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। ইয়াৰ পিছতে গোপীনাথ বৰদলৈৰ জ্যেষ্ঠ পুত্ৰ বীৰেন্দ্ৰ নাথ বৰদলৈয়ে দেউতাকৰ জীৱনাদৰ্শৰ ওপৰত কয়।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ডঃ মৃদুল হাজৰিকা মুখ্য অতিথি হিচাপে উপস্থিত থকা সভাখনত হাজৰিকা দেৱে ভাৰতৰত্ন গোপীনাথ বৰদলৈয়ে কৰি যোৱা অৱদানৰ ক্ষেত্ৰত বক্তব্য প্ৰদান কৰে। কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পূৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ডঃ দীপক কুমাৰ শৰ্মাও মহান ব্যক্তি গৰাকীয়ে সমাজ জীৱনলৈ আগবঢ়াই যোৱা অতুলনীয় অৱদানৰ কথা স্মৰণ কৰে।

মুকলি সভাত ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা, প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়ো,সংগীত শিল্পী সুদৰ্শনা শৰ্মা আদিয়ে গোপীনাথ বৰদলৈ সম্পৰ্কত বক্তব্য প্ৰদান কৰে।অনুষ্ঠানটোত সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য আৰু কাৰ্য্যালয় সম্পাদক ধৰ্মেশ্বৰ দাস, মুক্তিযোদ্ধা কৃষ্ণ লহকৰ, লোকপ্ৰিয়ৰ পুত্ৰদ্বয়
ৰবীন বৰদলৈ,বলীন বৰদলৈ আদিকে ধৰি প্ৰায় তিনি শতাধিক লোক অনুষ্ঠানটোত উপস্থিত থাকে। অনুষ্ঠানটো পৰিচালনা কৰে জ্যেষ্ঠ শিল্পী নৰেন্দ্ৰ শৰ্মাই।

Your Comments