উপায়ুক্তৰ হস্তক্ষেপত বৰপেটা সত্ৰ আৰু ঈদগাহ সমিতিৰ বেদখলীকৃত ভূমি বিবাদ নিষ্পত্তি

barpeta_satra

সত্ৰ  আৰু মঠ-মন্দিৰৰ  বেদখলীকৃত ভূমিত উচ্ছেদ অভিযান চলাবলৈ প্ৰশাসনৰ ওচৰত সময়ে সময়ে প্ৰৱল দাবী উত্থাপিত হৈ আহিছে সেই সময়তে বৰপেটা জিলাৰ সত্ৰ আৰু ঈদগাহ সমিতিৰ মাজত চলি থকা দীৰ্ঘদিনীয়া এক  ভূমি বেদখলীকৃত  সমস্যাৰ বৰপেটা জিলা উপায়ুক্তৰ হস্তক্ষেপত আলোচনাৰ মাধ্যমৰে সমাধান হোৱা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে বৰপেটা সত্ৰৰ মন্দিয়া অঞ্চলত থকা ১৪১ বিঘা মাটিৰ ভিতৰত কিছু পৰিমাণৰ মাটিৰ দখল মন্দিয়া ঈদগাহ সমিতিৰ হাতত থকাক লৈ বৰপেটা সত্ৰ সমিতি আৰু ঈদগাহ সমিতিৰ মাজত বিবাদ চলি আছিল৷এই সন্দৰ্ভ বৰপেটা জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰৰ সভাপতিত্বত অলপতে  উপায়ুক্তৰ কাৰ্যালয়ত সত্ৰ আৰু ঈদগাহ সমিতিৰ প্ৰতিনিধিৰ মাজত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়৷

উক্ত সভাত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় যে সত্ৰৰ বেদখলীকৃত হৈ থকা ভূমিৰ পৰা বিঘা কঠা ১০ লেচা মাটি দান হিচাপত ঈদগাহ সমিতিক এৰি দিয়া ' আৰু ঈদগাহ সমিতিয়ে সত্ৰ সমিতিৰ পৰা উল্লিখিত পৰিমাণৰ মাটিখিনি দান হিচাপে পোৱা বুলি ফলকত লিখি দিব৷ লগতে বাকী থকা ১৩৫ বিঘা কঠা ৯০ লেচা মাটি মন্দিয়া ঈদগাহ সমিতিয়ে সত্ৰ সমিতিক বিনাচৰ্তে ব্যৱহাৰ কৰিবলৈ এৰি দিব৷

উপায়ুক্ত গৰাকীয়ে এনেহেন দীৰ্ঘদিনীয়া এটি সমস্যা এক ভাতৃত্বপূৰ্ণ আলোচনাৰে সমাধান কৰাত বলিষ্ঠ উদ্যোগ লোৱা বাবে সত্ৰ সমিতিৰ সম্পাদক প্ৰভাত দাস আৰু ঈদগাহ সমিতিৰ সভাপতি আমজাদ আলীয়ে উপায়ুক্ত গৰাকীৰ ভূয়সী প্ৰশংসা কৰে৷উল্লেখনীয় যে ইয়াৰ আগতেও বহৰিৰ হৰিদেৱ সত্ৰৰ বেদখলীকৃত আৰু জনিয়া সত্ৰৰ বেদখলীকৃত ভূমিৰ কিছু অংশ প্ৰশাসনে আলোচনাৰ মাধ্যমেৰে বেদখল মুক্ত কৰিবলৈ সক্ষম হৈছিল৷আলোচনা সভাখনত অতিৰিক্ত উপায়ুক্ত (ৰাজহ) মনোজ চিকাৰীয়া ,বাঘবৰ ৰাজহ চক্ৰৰ চক্ৰ  বিষয়া কংকন শৰ্মাকে ধৰি সংশ্লিষ্ট কাননগোসকল উপস্থিত আছিল৷

Your Comments