![kaki](/sites/default/files/styles/article_detail/public/2019-04/WhatsApp%20Image%202019-04-09%20at%207.29.21%20PM.jpeg?itok=CnKKme8l)
হোজাইৰ পৰা মনোজ কুমাৰ পাঠকৰ প্ৰতিবেদন :
নগাঁওৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ আজি লংকাৰ কাকীত প্ৰচাৰ চলাবলৈ আহে বিত্তমন্ত্ৰী ড°হিমন্তবিশ্ব শৰ্মাই ।প্ৰতিকুল বতৰকো নেওচি উপস্থিত থকা কে'বা সহস্ৰাধিক ৰাইজক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই দিয়ে ।
মন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই কাকী অঞ্চলৰ ৰাইজৰ বাবে এখন উন্নতমানৰ চিকিৎসালয় নিৰ্মাণৰ কথা ঘোষণা কৰি ৰূপক শৰ্মা জয়ী হোৱাৰ পাছতেই কাকীবাসী ৰাইজৰ লগত একেলগে বহি ভোজে-ভাতে এসাজ খাই চিকিৎসালয়খন উদ্ধোধন কৰা হব বুলিও ঘোষণা কৰে।লগতে মন্ত্ৰীগৰাকীয়ে কাকীৰ বিভিন্ন সমস্যাসমূহ সমাধান কৰা হব বুলি ভাষণ প্ৰসংগত উনুকিয়ায়।
ইপিনে সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে এইমুহূৰ্ত কোনো ব্যক্তি বিশেষৰ কথা নকৈ কেৱল মাত্ৰ মোদীৰ কথাহে কব বিচাৰে বুলি মন্তব্য আগবঢ়ায়।তেও বৰাক-ব্ৰক্ষ্মপুত্ৰ,উজনি-নামনি,উত্তৰ-মধ্য সকলোতে এতিয়া কেৱল মোদীময় পৰিৱেশ বুলি উল্লেখ কৰি সাংবাদিকসকলকো টেনচন ফ্ৰি হৈ থাকিবলৈ কয়।কোনে কি কলে সেইবোৰ মে' মাহৰ পিচত টিভিৰ ষ্টুডিওত বহি চাম বুলি কৈ অন্য কোনো মন্তব্য প্ৰদানৰ পৰা মন্ত্ৰী গৰাকী বিৰত থাকে।
- Log in to post comments
- 13 views