সমুজ্জ্বল ভট্টাচাৰ্যক "অসম সূৰুয" বিধায়িকা আঙুৰলতাক "অসম জেউতি" সন্মান প্ৰদান 

assam_Press club

দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সদৌ অসম সাংস্কৃতিক সমন্বয় সন্থাই "বিশিষ্ট ব্যক্তিক উচ্চ সন্মান" নামৰ এক অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানটোত তেওঁলোকে অসমৰ সমাজ জীৱনলৈ বিশেষ অৰিহণা আগবঢ়োৱা কেইগৰাকীমান স্বনামধন্য ব্যক্তিক এই  সন্মান প্ৰদান কৰে। অনুষ্ঠানটোত কুকিল কণ্ঠী গায়িকা আনিমা চৌধুৰীক "সংগীত মুকুতা" সন্মান, নাৰীবাদী লেখিকা বেবিৰাজ ৰাজখোৱাক "অসম নাৰীকণ্ঠী" সন্মান, লোকশিল্পী খগেন গগৈক "সংগীত নন্দন" সন্মান, সু-লেখিকা মণিকুন্তলা ভট্টাচাৰ্যক" সাহিত্য জেউতি" সন্মান, সু- চিকিৎসক মাধৱ ৰাজবংশীক "সমাজ সূৰ্য্য" সন্মান, পেৰদী শিল্পী বুলবুল হুছেইনক "সংগীত ৰত্ন" সন্মান, ভায়'লিন বাদক মনোজ বৰুৱাক "ভায়'লিন সম্ৰাট" সন্মান, কবি-গীতিকাৰ নিতুল কুমাৰ নাথক "সৈনিক কবি সন্মান" বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাক "অসম জেউতি" সন্মান, আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক "অসম সুৰুয" সন্মান, শক্তি মন্ত্ৰী তপন কুমাৰ গগৈক "অসম বন্ধু" সন্মান প্ৰদান কৰে। 
সন্মান প্ৰদান কৰা স্বনামধন্য এই ব্যক্তি সকলক একোখনকৈ মানপত্ৰ, একোটা ফুলাম জাপি, ফুলাম গামোচা আৰু এখন শৰাইৰে সন্মান প্ৰদান কৰে সন্থাটোয়ে। অনুষ্ঠানটিত সদৌ অসম সাংস্কৃতিক সমন্বয় সন্থাৰ মুখ্য উপদেষ্টা লীলামাধৱ শইকীয়া, সভাপতি গগনাষ্টম, সাহিত্য উপদেষ্টা ৰাজীৱ আহমেদ, সাংস্কৃতিক সম্পাদক লোহিত ৰোহিত সহ: সা- সম্পাদক জুৱেল হক চৌধুৰী, বিশিষ্ট সমাজ কৰ্মী চৰিফুল হক, বিশিষ্ট সমাজ কৰ্মী কমল চৌধুৰী, পাৰুল বৰুৱা সহিতে আৰু বহুলোকে উপস্থিত থাকে।

Your Comments