মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক অপমান:ৰূপক শৰ্মাক তীব্ৰ গৰিহণা দল-সংগঠনৰ

prayutdut

কামপুৰৰ পৰা ৰূপ জ্যোতি ভূঞা


আজিও অব্যাহত আছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱক অপমানৰ প্ৰতিক্ৰিয়া ।ৰূপক শৰ্মাৰ কাণ্ডক নগাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈকে ধৰি দল সংগঠনৰ গৰিহনা।
নগাৱৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাই গুৰুজনাৰ সৃষ্টিৰাজিক লৈ  ৰাজনীতি কৰাত তীব্ৰ গৰিহণা  দিয়ে বিভিন্ন  দল-সংগঠনৰ লগতে নগাওঁ লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ।প্ৰাক্তন মন্ত্ৰী তথা নগাঁও লোকসভাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী  প্ৰদ্যুৎ বৰদলৈয়ে  বিজেপি দলৰ এই ৰাজনীতিক নিকৃষ্ট ৰাজনীতি আখ্যা দিয়ে। ৰূপক শৰ্মাক বিজেপি আৰএছএছে পাশা খেলৰ গুটি হিচাপে ব্যৱহাৰ কৰে বুলিও মন্তব্য কৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ।তেওঁ শংকৰদেৱৰ নামটো বিজেপিয়ে কেৱল ৰাজনীতিত ব্যৱহাৰ কৰে বুলিও কয়।

ইফালে  মহাপুৰুষ দুজনে সৃষ্টি কৰা কলা -সংস্কৃতিক বিক্ৰী কৰি ৰাজনীতি কৰা বুলি মন্তব্য কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।
আনহাতে, অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে কয় যে শংকৰদেৱ অসমীয়া জাতিৰ শ্ৰেষ্ঠ গুৰু ।

 শংকৰদেৱৰ সৃষ্টিৰাজিয়ে অসমীয়া জাতিক জগতত চিনাকী দিবলৈ সক্ষম হৈছে । নৰেন্দ্ৰ মোডীক জগতগুৰু জনৰ লগত তুলনা কৰাৰ বাবে বিজেপিক তীব্র সমালোচনা কৰে।

Your Comments