জাতিৰ বুকুত কুঠাৰ মৰা বুলি কোনে অগপক কৰিলে কটু সমালোচনা ?

gourab

বটদ্ৰৱাৰ পৰা মানস জ্যোতি মহন্ত


'অগপৰ হাতীৰ পিছফালে এইবাৰ পদুম ফুল লুকাই আছে'-বটদ্ৰৱা সমষ্টিৰ পাঘালী গাঁও পঞ্চায়ত জাজৰি নিচানতলৰ নিৰ্বাচনী প্ৰচাৰ সভাত গৌৰৱ গগৈয়ে এইদৰে কয়।

 
'অগপৰ হাতীৰ পিছফালে এইবাৰ পদুম ফুল লুকাই আছে, হাতীক এটা ভোট দিয়া মানে বিজেপিক দুটা ভোট দিয়া। অগপ এতিয়া আঞ্চলিক দল হৈ থকা নাই। যি অগপই নাগৰিকত্ব সংশোধনী বিলৰ বিৰোধিতা কৰি মিত্ৰতা ত্যাগ কৰি এক নাটক ৰচনা কৰিছিল,সেই অগপই আজি জাতিৰ বুকুত কুঠাৰ মাৰি, নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে থকা বিজেপিৰ লগত হাত মিলাই জাতিক অপমান কৰিছে।

এই কথা অসমবাসী ৰাইজে ইতিমধ্যে বুজি উঠিছে।'এই মন্তব্য ১১ নং কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ।আজি বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত পাঘালী গাঁও পঞ্চায়তৰ জাজৰি নিচানতলত অনুষ্ঠিত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি লগতে গৌৰৱ গগৈয়ে কয়- 'বিজেপি দলে হিন্দু-মুছলমানৰ মাজত ভাগ- ভাগ কৰি উচ্চ-নীচৰ যি ৰাজনীতি কৰি আহিছে, সেই সাম্প্ৰদায়িক ৰাজনীতিক আগন্তুক লোকসভা নিৰ্বাচনত আমি ওফৰাব লাগিব।

কংগ্ৰেছ দল ধৰ্মনিৰপেক্ষ দল। কংগ্ৰেছ দলে জাতি-বৰ্ণ --ধৰ্ম-নিৰ্বিশেষে সকলোকে লগত লৈ উন্নয়নৰ দিশে অাগবাঢ়িব।' 


নিখিল ভাৰত মহিলা কংগ্ৰেছ সমিতিৰ সম্পাদিকা জুৰি শৰ্মা বৰদলৈয়ে উদ্ধোধনী ভাষণ দিয়া সভাখনত চিপিএম দলৰ পৰা আহি কংগ্ৰেছত যোগদান কৰি ভৰত কেওঁটে বিতৰ্কিত ভাষণেৰে বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাক কটাক্ষ কৰি 'বাকৰ পুতেক' বোলছবিত অভিনয় কৰা আঙুৰলতাক আগন্তুক ২০২১ত হৰুৱাই ইংৰাজী চিনেমা কৰিবলৈ আমেৰিকালৈ পঠিয়াম বুলি কটু বাক্যৰে সমালোচনা কৰে।

আনকি কলিয়াবৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তক অনুসূচিত জাতি-জনজাতিৰ ছোৱালীক বিয়া কৰালে হীৰাৰ আঙুঠি উপহাৰ দিম বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। 


অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা শিৱামণি বৰা, প্ৰাক্তন মন্ত্ৰী গৌতম বৰা, ৰমেশ বৰদলৈ, মনোৰঞ্জন বৰাকে প্ৰমুখ্য কৰি কেইবাগৰাকী কংগ্ৰেছ নেতা উপস্থিত থকা সভাখনত একালৰ এআইডিইউএফৰ বটদ্ৰৱা সমষ্টিৰ প্ৰাৰ্থী মতিবুৰ ৰহমানেও সভাত ভাষণ প্ৰদান কৰে।

Your Comments