নগৰবেৰাৰ পৰা আব্দুল ৰছিদ
কংগ্ৰেছ,ইউডিএফৰ দুৰ্গ খহাবলৈ সোমবাৰে বৰপেটা জিলাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাই মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসে ।বৰপেটা জিলাৰ চেঙা আৰু বাঘবৰৰ বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ আৰু এআইইউডিএফক তীব্ৰ সমালোচনা কৰে কুমাৰ দীপক দাসে। 'অসমবাসীৰ উন্নয়ণ আৰু মিলাপ্ৰীতিৰ মূল হেঙাৰ হৈছে কংগ্ৰেছ। সেয়ে কংগ্ৰেছক উৎখাত কৰিব লাগে'-তেওঁ কয়।
ইপিনে,বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহীত কৰাৰ প্ৰতিশ্ৰুতি সন্দৰ্ভত কুমাৰ দীপক দাসে কয় এয়া বিজেপিৰহে ইস্তাহাৰ, অগপৰ নহয়। অগপৰ নিৰ্বাচনী ইস্তাহাৰত স্পষ্ট কৰা হ'ব দলৰ স্থিতি। অগপৰ পূৰ্বৰ স্থিতিত অটল থাকিব দল। প্ৰফুল্ল কুমাৰ মহন্তৰ নিষ্ক্ৰিয়তা সন্দৰ্ভত কুমাৰ দীপক দাসে কয় এয়া দলৰ ভিতৰৰ কথা, গ'লে চিন্তা কৰিব।
এআইইউডিএফৰ সহায় সন্দৰ্ভত মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে এয়া দলৰ সিদ্ধান্ত নহয়। ফণীভূষণ চৌধুৰীয়ে কি ভাবি কৈছে,তেওঁহে ক'ব পাৰিব বুলি স্থিতি স্পষ্ট কৰে কুমাৰ দীপক দাসে।
ইপিনে,নিৰ্বাচনত কেইখন আসন পাব বুলি কৰা প্ৰশ্নৰ উত্তৰত মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসে কয় ৰাজ্যৰ ১৪ খন আসনতে বিপুল ভোটৰ ব্যৱধানত জয়ী হব মিত্ৰজোঁটৰ প্ৰাৰ্থীসকল।
- Log in to post comments
- 13 views