কলিয়াবৰত ভোটাৰক বিলাবলৈ নিয়া মদ আৰু নগদ ধন জব্দ

sura

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলে ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবৰ বাবে মদ আৰু ধন বিতৰণৰ দৰে অসৎ উপায় অৱলম্বন কৰা পৰিলক্ষিত হৈছে। sura2


আজি মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ কানু মহন্তৰ আমনিত থকা মদৰ দোকানৰ পৰা মদ আৰু ১ লাখ ৫২ হাজাৰ টকা ভোটাৰৰ মাজত বিলাবলৈ নিওতে কলিয়াবৰৰ ফ্লায়িং স্কোৱাডৰ দলে জব্দ কৰে বাহনসহ মদ আৰু নগদ ধন। জব্দ কৰা বাহনখনৰ নম্বৰ  AS 01A-E 8836।sura3


মদ আৰু বিলাতী সুৰা বিলাবলৈ যোৱা আন এজন যুৱকে নিজৰ বাইকখন এৰি পলায়ন কৰে। বাইকখনো সম্প্ৰতি শালনা আৰক্ষী ৰ জিন্মাত। ঘটনা সন্দৰ্ভত দুজন যুৱকক শালনা আৰক্ষীয়ে আটক কৰি জেৰা অব্যাহত ৰাখিছে।

Your Comments