বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰৰ বেটুপাতত এলাগী হ'ল অটল বিহাৰী বাজপেয়ী-লালকৃষ্ণ আদৱানী

bjp maniofesto2019

লোকসভা নিৰ্বাচনত জয়লাভৰ মন্ত্ৰ উচ্চাৰণ কৰি বিজেপিয়ে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ 'সংকল্প পত্ৰ'৷ বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত দলৰ সভাপতি অমিত শ্বাহ আৰু গৃহমন্ত্ৰী ৰাজনাথ সিঙে বিজেপিৰ ভিজন ডকুমেণ্টখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে৷ উল্লেখ্য যে এইবাৰৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশৰ মঞ্চখন আছিল ২০১৪ৰ সম্পূৰ্ণ বিপৰীত৷ এইবাৰৰ মঞ্চত নাছিল বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানী, নাছিল মুৰুলী মনোহৰ যোশী৷ কেৱল মঞ্চতেই যে এই পৰিৱৰ্তন সেইটো নহয়৷

বিগত পাঁচ বছৰত বিজেপিৰ 'সংকল্প পত্ৰ'তো দেখা গ'ল সম্পূৰ্ণ পৰিৱৰ্তন৷ অৱশ্যে এয়া পৰিৱৰ্তন নে একনায়কত্ববাদ সেইটোহে চিন্তাৰ বিষয়৷ উল্লেখ্য যে আজিৰ ইস্তাহাৰ প্ৰকাশৰ মঞ্চত নৰেন্দ্ৰ মোডী, অমিত শ্বাহ, ৰাজনাথ সিঙৰ উপৰি উপস্থিত থাকে বিত্তমন্ত্ৰী অৰুণ জেটলী, বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজ, কেন্দ্ৰীয় মন্ত্ৰী ৰামলাল আৰু ঠাৱৰ চান্দ গেহলট৷ তাৎপৰ্যপূৰ্ণভাৱে পাঁচ বছৰ পূৰ্বৰ এই মঞ্চখনৰ কথা যদি উল্লেখ কৰা যায় তেতিয়া দেখা গৈছিল লালকৃষ্ণ আদৱানী, মুৰুলী মনোহৰ যোশী, ৰবিশংকৰ প্ৰসাদ, জেপি নড্ডা, যিসকলক এইবাৰ দেখা নগ'ল৷

মঞ্চৰ লগতে পৰিৱৰ্তন হ'ল ইস্তাহাৰৰ বেটুপাত

এইবাৰৰ 'সংকল্প পত্ৰ'ৰ বেটুপাততো দেখা গ'ল পৰিৱৰ্তন৷ অৱশ্যে এয়া পৰিৱৰ্তন নে একনায়কত্ববাদ সেইটোহে ৰহস্যৰ বিষয়৷ কিয়নো এইবাৰৰ সংকল্প পত্ৰৰ বেটুপাতত কেৱল নৰেন্দ্ৰ মোডী৷ অৰ্থাৎ বিজেপিৰ এইবাৰৰ নিৰ্বাচনী ইস্তাহাৰৰ বেটুপাতত কেৱল মোডীৰ ফটো৷ ইয়াৰ পৰা এইটোৱে অনুমান কৰিব পাৰি যে বিজেপিয়ে এই নিৰ্বাচন কেৱল নৰেন্দ্ৰ মোডীৰ নামতহে অৱতীৰ্ণ হৈছে৷ এই লৈ কংগ্ৰেছেও এক ইচ্ছ্যু উত্থাপন কৰিছে৷ অৱশ্যে সংকল্প পত্ৰৰ শেষৰ পৃষ্ঠাত শ্যামা প্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায় আৰু অটল বিহাৰী বাজপেয়ীৰ ফটোক স্থান দিছে৷

Your Comments