পছন্দৰ গামোছাখন পোৱা 'গামোচা মেলা' ক'ত অনুষ্ঠিত হৈছে ? 

mela

অসমীয়া বাপুতিসাহোন ৰঙালী বিহুৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা আমবাৰীস্থিত অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সঞ্চালকালয়ৰ 'বস্ত্ৰভৱন' প্ৰাংগনত আয়োজন কৰা হৈছে 'গামোচা মেলা-২০১৯'। 


অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ কামৰূপ জিলাৰ সহকাৰী সঞ্চালকৰ কাৰ্যালয়ৰ উদ্যোগত অনুষ্ঠিত  'গামোচা মেলা'খনৰ অন্ত পৰিব অহা ১৩ এপ্ৰিলত। উল্লেখ্য যে আজিৰে পৰা আৰম্ভ হোৱা মেলাখন উদ্বোধন কৰে হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সঞ্চালিকা কবিতা ডেকাই। উদ্ধোধন কৰি ডেকাই হস্ততাঁত আইন ১৯৮৫ আইনখনৰ আধাৰত ৰাজ্যত বহিৰাগত গামোচা সেৱা বন্ধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে।


গামোচা মেলাখন গ্ৰাহকৰ সুবিধাৰ বাবে প্ৰতিদিনে পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৮ বজালৈ খোলা থাকিব বুলি জানিবলৈ দিয়ে। ইফালে এইবাৰৰ এই মেলাত কামৰূপ জিলাৰ ২৪খন প্ৰাথমিক বোৱা-কটা সমবায় সমিতি আৰু হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ ৫টা শিপিনী সম্প্ৰসাৰণ সেৱা কেন্দ্ৰই এই মেলাত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে কামৰূপ জিলাৰ সঞ্চালক বিদ্যুৎ দত্তই।তেওঁ লগতে জানিবলৈ দিয়ে যে এইবাৰৰ এই মেলাত ৩০ হাজাৰখন গামোচাৰ লগতে অন্যান্য বস্ত্ৰসমূহ উপলব্ধি হ'ব ।

Your Comments