নলবাৰী, ৭ মাৰ্চ -নলবাৰীৰ বালিতাৰা আৰু চতাইবাৰীত বিজেপিৰ নলবাৰী জিলা মহিলা মৰ্চাৰ উদ্যোগত আজি মঙলদৈ লোকসভা সমষ্টিৰ দলটোৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ সমৰ্থনত বহু কেইখন সভা অনুষ্ঠিত কৰা হয় । সভা সমূহত প্ৰাৰ্থীগৰাকীৰ পত্নী নিজু শইকীয়া, বিধায়ক অশোক শৰ্মাৰ পত্নী অনিতা দেৱী ,নলবাৰী জিলা মহিলা মৰ্চাৰ সভানেত্ৰী অঞ্জনা বৰ্মন, উপ সভানেত্ৰী কৰবী গোস্বামী, সাধাৰণ সম্পাদিকা পপী দত্ত, দুলু মণি কলিতা,জিলা বিজেপিৰ উপ সভানেত্ৰী আৰতি বৈশ্য, ৰাজ্যিক উপ সভানেত্ৰী অজিতা বৰ্মন,পূৱ নলবাৰী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী কল্পনা বৰ্মন, নেত্ৰী বিভা বৰ্মন সহ বহু কেইজন নেত্ৰী উপস্থিত থাকে ।
সভাত প্ৰাৰ্থী দিলীপ শইকীয়াৰ পত্নী নিজু শইকীয়াই ভাষনত কয় যে কংগ্ৰেছৰ দুমুখীয়া চৰিত্ৰ ৰাইজে বুজি উঠিছে । অসমীয়া বিদ্বেষী এ আই ইউ ডি এফৰ লগত কংগ্ৰেছৰ গোপন মিতিৰালি কৰা বিষয়টোৱে তাৰেই প্ৰমাণ কৰে । নাৰী সমাজক নিৰ্যাতন চলোৱা অশুভ শক্তি সমূহকো কংগ্ৰেছেই বৰপিৰাত বহিবলৈ দিব বিচাৰে। তেওঁলোকৰ মতে আগন্তুক নিৰ্বাচন যথেষ্ট গুৰুত্বপূৰ্ণ ।
এই নিৰ্বাচনত বিজেপিক সমৰ্থন কৰি অসমৰ ৰাইজে নাৰীৰ প্ৰতি দায়বদ্ধতা নথকা দলক বিদায় দিয়ক বুলিও দোহাৰে । নিৰ্বাচনী সভা সমূহত মহিলা মৰ্চাৰ জিলা সভানেত্ৰী অঞ্জনা বৰ্মনে ভাষনত কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি কয় যে কংগ্ৰেছ হৈছে এটা প্ৰতাৰক দল । ৫৫ বছৰে দেশত শাসন চলাইছিল যদিও নিৰ্বাচন অহা দেখিহে দৰিদ্ৰ লৈ মনত পৰিছে ।
গতিকে লোকসভা নিৰ্বাচনত দেশৰ উন্নতি আৰু শান্তিৰ বাবে বিজেপিক ভোট দিবলৈও তেওঁ ৰাইজলৈ আহ্বান জনায় । লগতে মঙলদৈ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ জয় নিশ্চিত বুলি দোহাৰে ।
- Log in to post comments
- 12 views