পুনৰ মোডী চৰকাৰ গঠন হ'লে হাজো সমষ্টিৰ উন্নয়ন সাধন কৰিম : কুইন ওজা

queen

বৰভাগৰ পৰা সঞ্জয় দাস :

হাজো হৈছে হিন্দু -মুছলমানৰ মিলনভূমি আৰু কাঁহ-পিতল শিল্পৰ ক্ষেত্ৰত উল্লেখযোগ্য ঠাই।এই মন্তব্য গুৱাহাটী সংসদীয় সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা বিজেপি দলৰ মনোনীত প্ৰাৰ্থী  কুইন ওজাৰ। তেওঁ পুনৰ কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 'সবকা সাথ সবকা বিকাশ' আদৰ্শৰে দেশক আগবঢ়াই নিছে।


বিজেপি চৰকাৰৰ উজ্বলা,সুকন্যা আদিকে ধৰি বিভিন্ন আঁচনিৰে ভাৰতৰ ৰাইজ উপকৃত হৈছে বুলি হাজো বিধানসভা সমষ্টিৰ বিভিন্ন ঠাইত প্ৰচাৰ চলাই  প্ৰাৰ্থীগৰাকীয়ে ৰাইজৰ আগত মন্তব্য কৰে।হাজো সমষ্টিলৈ আহি সমাজৰ বিভিন্ন স্তৰৰ ৰাইজৰ মৰম দেখি  অভিভূত হৈছে বুলি প্ৰাৰ্থীগৰাকীয়ে কয়।লগতে আগন্তুক লোকসভা নিৰ্বাচনত বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহবান জনায়।


আকৌ এবাৰ মোডী চৰকাৰ হ'লে হাজো সমষ্টিত যিখিনি উন্নয়নমূলক কাম কৰিবলৈ  আছে,সেইখিনি সম্পূৰ্ণৰূপে কৰিব বুলি মতপ্ৰকাশ কৰে কুইন ওজাই। সভাত হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়ায়েও ভাষণ প্ৰদান কৰে।আজিৰ নিৰ্বাচনী প্ৰচাৰত ওজাক কেইবাগৰাকী বিজেপি নেতাই সংগ দিয়ে।

Your Comments