নিৰ্বাচনী প্ৰচাৰত কোনে,কেনেকৈ কৰিলে গুৰুজনাক অপমান !

apman

কামপুৰৰ পৰা ৰূপ জ্যোতি ভূঞা

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত বলিছে গৰম নিৰ্বাচনী বতাহ। কোনোৱে যদি নাচিবাগি ভোটাৰৰ মন জয় কৰাৰ চেষ্টা কৰিছে, কোনোৱে আকৌ আনৰ দোষ খুচৰি নিজকে ধোৱা তুলসীৰ পাত সজাইছে।  মুঠতে জমি উঠিছে নিৰ্বাচনী প্ৰচাৰ ৷ 


তাৰ মাজতে নগাঁও সংসদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ প্ৰচাৰে সকলোৰে চকু কপালত তুলিছে ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি আৰু গুৰুজনাক লৈ সৃষ্টি কৰা হৰিনামক পেৰডি কৰি নিজৰ ৰাজনৈতিক মুনাফাৰ বাবে জনসাধাৰণৰ মাজত প্ৰচাৰ কৰি গুৰুজনাক একপ্ৰকাৰ অপমান কৰাৰ অভিযোগ উঠিছে ৷ apmn2


ইফালে, জন্মস্থানতে গুৰুজনাক অপমান কৰাৰ কাৰ্যক মানি ল'ব পৰা নাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কৰ্মকৰ্তাৰ লগতে সচেতন নাগৰিকে ৷ স্মৰ্তব্য যে  হৰিনামক পেৰডি কৰি গোৱা গীতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তুলনা কৰা হৈছে শ্ৰীমন্ত শংকৰদেৱৰ সৈতে, যিটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় ৷ 


যিজন গুৰুৱে অসমীয়া জাতিক বিশ্ব দৰবাৰত চিনাকী কৰাই দিলে, সেইজন গুৰুক জন্মস্থানতে অপমান কৰাটো কোনো কাৰণতে সহ্য নকৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগতে সচেতন নাগৰিকে ৷ অনাগত দিনত নিজৰ মুনাফা আদায়ৰ বাবে কোনো ৰাজনৈতিক দলে যাতে গুৰুজনাৰ সৃষ্টিৰাজিক লৈ নিকৃষ্ট ৰাজনীতি নকৰে তাৰ বাবে সকিয়াই দিয়ে বিভিন্নজনে ৷

Your Comments