পূব উদালীত কোনে আক্ৰমণ কৰিলে প্ৰতিবাদী মহিলাক ?

lanka

লংকাৰ পৰা মনোজ কুমাৰ পাঠক

হোজাই জিলা বিজেপিৰ কিষান মৰ্চাৰ নেতা তথা লংকা বিদ্যুৎ বিভাগৰ ঠিকাদাৰ ছাইফ উদ্দিনে পূব উদালী পানী যোগান আঁচনিৰ ওপৰেদি আৰু স্থানীয় লোকৰ ঘৰৰ চোতালেদি ১১ হজাৰ ভল্টেজৰ বিদু্ৎ পৰিবাহী তাঁৰ সংযোগ কৰিছে।


ইয়াৰ বিৰুদ্ধে স্থানীয় মহিলা আৰু পানীযোগান বিষয়াই হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদকাৰী মহিলাক  ঠিকাদাৰৰ গুণ্ডাবাহিনীৰ লোকে  মাৰ-পিট কৰাৰ অভিযোগ উত্থাপন হৈছে।আৰক্ষীয়ে অতিশীঘ্ৰে অভিযুক্তক আটক কৰি উপযুক্ত শাস্তি বিহাৰ দাবী জনোৱাৰ লগতে চলি থকা কাম বন্ধ কৰিবলৈ দাবী জনায়।

Your Comments