নাগালেণ্ডৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ স্থগিত

নাগালেণ্ডৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ স্থগিত

আলোচনাৰ মাধ্যমেৰে অন্ত পৰিল অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী । শিৱসাগৰ জিলা উপায়ুক্তই শনিবাৰে ১৩টা জাতীয় সংগঠনেৰে আলোচনাৰ অন্তত চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ বিৰুদ্ধে যোৱা শুকুৰবাৰৰ পৰা লোৱা অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী সাময়িকভাৱে উঠাই লয় । উল্লেখ্য যে চুবুৰীয়া ৰাজ্য নাগালেণ্ডে অসমৰ ভূমি বেদখল কৰাৰ প্ৰতিবাদত সদৌ টাই আহোম ছাত্ৰ সন্থা, আটছা, আছা, আহোম সেনা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, কৃষক মুক্তি, ছাত্ৰ মুক্তি, আহোম জাতীয় গণ মঞ্চ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ টাই যুৱ ষৰিষদ, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি আৰু টাইপাসহ ১৩টাকৈ সংগঠনে নাগালেণ্ডৰ বিৰুদ্ধে শুকুৰবাৰৰ পৰা অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছিল ।

যোৱা ২৩ জুলাইত অসম চৰকাৰে সীমান্তৱৰ্তী অঞ্চলটোত সীমান্ত পহৰা চকী স্থাপনৰ যো-জা চলাওঁতেই নাগালেণ্ড আৰক্ষী প্ৰশাসনৰ প্ৰত্যক্ষ সহযোগত শতাধিক নগা লোকে হাতে হাতে দা-যাঁঠি লৈ এক অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰি পহৰা চকী স্থাপনত বাধা প্ৰদান কৰিছিল ।

নাগালেণ্ডৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ স্থগিত

নগাই অসমৰ ভূমি বেদখল কৰি সীমান্ত পৰীক্ষণ চকী স্থাপন কৰাৰ বিপৰীতে অসম চৰকাৰক সীমান্ত পহৰা চকী স্থাপনত বাধা দিয়া কাৰ্যৰ প্ৰতিবাদত শুকুৰবাৰৰ পৰা ১৩টাকৈ জাতীয় সংগঠনে সীমান্তবাসী ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰা, হালোৱাটিঙত সীমান্ত পহৰা চকী পূৰ্বৰ স্থানতেই স্থাপন কৰা আৰু অসমৰ ভূমিত থকা নাগালেণ্ডৰ সীমান্ত পৰীক্ষণ চকী উঠাই নি নাগাভূমিত স্থাপনৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছিল । শিৱসাগৰ জিলা উপায়ুক্তই সীমান্ত পৰীক্ষণ চকী নিৰ্মাণ কৰাৰ লগতে সীমান্ত সমস্যাসমুহ সামাধানৰ প্ৰতিশ্ৰুতি দিয়াত দলকেইটাই সাময়িকভাৱে অৱৰোধ কাৰ্যসূচী স্থগিত ৰাখে ।

Your Comments