কৃষক সভাৰ জৰিয়তে ১০০গৰাকী কৃষকৰ মাজত ধানৰ বীজ বিতৰণেৰে চমক সৃষ্টি বৰপেটা জিলাৰ পাকা ৰুৰেল ডেভেলপমেণ্ট এছ'চিয়েচনৰ | কৃষকৰ বন্ধু হিচাপে জনাজাত এই সংস্থাটোৱে কৃষিৰ ক্ষেত্ৰত গ্ৰহণ কৰি আহিছে গুৰুত্বপূৰ্ণ ভূমিকা | বিশেষকৈ শিক্ষিত নিবনুৱাসকলৰ মাজত কৃষি সম্পৰ্কত ইতিবাচক চিন্তা বিয়পাবলৈ সক্ষম হোৱা এই সংস্থাটোৱে বিজ্ঞানসন্মত কৃষি পদ্ধতিৰ ওপৰত প্ৰদান কৰে বিশেষ গুৰুত্ব |
কৃষিক্ষেত্ৰৰ উন্নতি অবিহনে দেশখন কেতিয়াও অৰ্থনৈতিকভাৱে সফল হ'ব নোৱাৰে- মঙলবাৰে পাকা ৰুৰেল ডেভেলপমেণ্ট এছ'চিয়েচনৰ স্থায়ী কাৰ্যালয়ত অনুষ্ঠিত কৃষক সভাত এই মন্তব্য নামনি অসমৰ ইফক' (IFCCO) ৰ দায়িত্বত থকা বিনোদ শইকীয়াৰ | কৃষি বিজ্ঞান কেন্দ্ৰ, বৰপেটাৰ লগতে বৰপেটা জিলা বীজ নিগমৰ উদ্যোগত আৰু পাকা ৰুৰেল ডেভেলপমেণ্ট এছ'চিয়েচনৰ সৌজন্যত অনুষ্ঠিত সভাখনত সামৰি লোৱা হয় গোলিবান্ধা কৃষি উন্নয়ন চক্ৰৰ সকলো কৃষকক |
এছ'চিয়েচনৰ স্থায়ী উপ-সভাপতি ৰামপ্ৰসাদ দাসৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কৃষি বিশেষজ্ঞ পিংকুধৰ বৰ্মনে | দুই শতাধিক ব্যক্তি উপস্থিত থকা সভাখনৰ আঁতধৰে সম্পাদক আব্দুছ ছাত্তাৰে ৷
- Log in to post comments
- 11 views