গুৱাহাটীৰ "ম'ম' ঘৰ"ৰ প্ৰতিষ্ঠা দিৱস পালন

momo

ব্যৱসায়ৰ ক্ষেত্ৰখনত এক নতুন দিগন্তৰ সূচনা কৰা "ম'ম' ঘৰ" -এ আজি প্ৰতিষ্ঠাৰ ২৬ বছৰ অতিক্ৰম কৰিলে।আজি প্ৰতিষ্ঠা দিৱস পালন কৰে ম'ম' ঘৰে।উল্লেখ্য যে ১৯৯৩ চনত দুজন উদ্যমী অসমীয়াৰ প্ৰচেষ্টাত গুৱাহাটী মহানগৰীৰ আমবাৰীত আৰম্ভ কৰা ম'ম' ঘৰে বিশ বছৰৰ পৰা আজিৰ দিনটো প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰি আহিছে ।


প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি ম'ম' ঘৰত ২০শতাংশ ৰেহাই মূল্যত গ্ৰাহকসকলক ম'ম' যোগান ধৰা বুলি জানিবলৈ দিয়ে ম'ম' ঘৰৰ স্বত্বাধিকাৰী তপন বৰুৱাই। লগতে তেওঁ জানিবলৈ দিয়ে যে সকলো গ্ৰাহকৰ বাবে ম'ম'ৰ লগত বিনামূলীয়াকৈ 'কল্ড ড্ৰিংক্স'ৰব্যৱস্থা কৰাৰ কথা।

স্বত্বাধিকাৰী বৰুৱাই জনাই যে বৰ্তমান সময়ত গুৱাহাটী মহানগৰীত আমবাৰীৰ উপৰিও গুৱাহাটী কমাৰ্চ কলেজৰ সমীপত আৰু ভৰলুমুখত শাখা আছে। শোণিতপুৰ জিলাৰ তেজপুৰতো আছে ম'ম' ঘৰৰ আন এটা শাখা।বৰ্তমান ম'ম' ঘৰৰ লগত ১৬জন কৰ্মচাৰী জড়িত হৈ আছে বুলি জানিবলৈ দিয়ে বৰুৱাই।

Your Comments